ধেমাজি, ২৯ অক্টোবৰ (হি.স.)। ধেমাজিৰ লুগুটি অঞ্চলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ ৰাইজৰ ৷ ভুৱন পেগুৰ জোনাই সমষ্টিৰ একাংশ গঞাই আদিম মানৱৰ দৰে কিদৰে সংগ্ৰহ কৰিব লগা হৈছে পিয়াহৰ পানীটুপি ৷ উপৰ্যুপৰি বানে তচনচ কৰা ধেমাজিৰ লুগুটি অঞ্চলত এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ ৷
নদীৰ মাজত বালি খান্দি অপৰিস্কাৰ পানীকে সেৱন কৰিবলৈ বাধ্য হৈছে লুগুটিবাসী দুৰ্ভগীয়া ৰাইজে ৷ এটুপি বিশুদ্ধ খোৱাপানীৰ লগতে অনাময় ব্যৱস্থাৰ অভাৱত ভূগিছে অঞ্চলবাসী ৷ ধেমাজি জিলাৰ জোনাই বিধান সভাৰ সমষ্টিৰ অধীনৰ লুগুটি অঞ্চলত বিগত ৩/৪বছৰ ধৰি পাহাৰীয়া কামিয়া নদীয়ে তাণ্ডৱ চলাই অঞ্চলবাসীক জ্বলা-কলা খুৱাই আহিছে আৰু কাতি মাহতো খৰস্ৰোতা নদীখনে প্লাৱিত কৰি আহিছে গাওঁখনৰ ঘৰ-বাৰী, চোতাল পথাৰ ৷ বৃহত্তৰ লুগুটি আৰু লুগুটি খৰাগড়ৰ প্ৰায় ৬৫টা পৰিয়ালে এতিয়া নদীখনৰ কৰালগ্ৰাসত পৰি এটুপি খোৱাপানীৰ বাবে হাহাঁকাৰ কৰিছে ৷ নদী আৰু চোতালে চোতালে খান্দি লব লগা হৈছে একোটিকৈ বালিৰ নাদ ৷ তদুপৰি শৌচ প্ৰস্ৰাৱ কৰিবলৈ ঠাইৰ অভাৱ ৷
সকলোতে কেৱল বালি আৰু ঘেল ৷ বালিৰ বুকুত আধালৈকে পুত খাইছে টিউবৱেল। ইপিনে ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ অধীনত জলজীৱন মিছনৰ নামত ঘৰে ঘৰে পানী যোগান ধৰাৰ নামত বৃহৎ অভিলাষী আচঁনি ৰূপায়ণ কৰি আহিছে যদিও অঞ্চলবাসীয়ে পোৱা নাই এটুপিও বিশুদ্ধ খোৱা পানী ৷ কিন্তু নিবিৰ্কাৰ বিধায়ক ভুৱন পেগু, নিৰ্বিকাৰ প্ৰশাসন ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
