
দোহা/টেল আভিভ/ৱাশ্বিংটন, ২৪ নৱেম্বৰ (হি.স.)। গাজাপট্টীৰ আকাশত ৰকেট আৰু মিছাইলৰ শব্দ বন্ধ হোৱাৰ লগে লগে আজি (শুকুৰবাৰে) বিয়লি ৪ বজাত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে পণবন্দী সাধাৰণ নাগৰিকৰ প্ৰথমটো গোট গতাই দিব। প্ৰথম বেটচত ১৩ জন লোক থাকিব। স্থানীয় সময় অনুসৰি পুৱা ৭ বজাৰ পৰা গাজাপট্টীত চাৰিদিনীয়া যুদ্ধবিৰতি আৰম্ভ হ’ব।
কাটাৰৰ ৰাজধানী ডোহাৰ পৰা প্ৰকাশিত কাটাৰ ট্ৰিবিউনে কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ড০ মজিদ বিন মহম্মদ আল আনছাৰীৰ উদ্ধৃতি দি এই আনুষ্ঠানিক ঘোষণা কৰিছে। কালি ইয়াত এক সংবাদমেলত আনছাৰীয়ে কয় যে কাটাৰৰ মধ্যস্থতাত হামাছ আৰু ইজৰাইলে চাৰিদিনীয়া যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। মুকলি হ’বলগীয়াসকলৰ নামৰ তালিকা দাখিল কৰা হৈছে। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৪ বজাত প্ৰথমটো বেচ অসামৰিক পণবন্দীক গতাই দিয়া হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।
তেওঁ প্ৰকাশ কৰে যে হামাছে চাৰিদিনত প্ৰায় ৫০ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিব। প্ৰথম বেটচত মহিলা আৰু শিশুকে ধৰি ১৩ জন লোক থাকিব। ডাঃ আল আনছাৰীয়ে কয় যে পণবন্দীসকলক নিৰাপদে চূড়ান্ত গন্তব্যস্থানলৈ লৈ যোৱা হ’ব। তেওঁ আশা প্ৰকাশ কৰিছে যে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰা হ’ব নে নহয় সেয়া কোৱা টান।
আনছাৰীয়ে কয় যে ৰেড ক্ৰছ আৰু পেলেষ্টাইন ৰেড ক্ৰেচেণ্ট ছ’চাইটি পণবন্দী মুক্তি প্ৰক্ৰিয়াৰ এক অপৰিহাৰ্য অংশ হ’ব। এয়া মানৱীয় যুদ্ধবিৰতি। ড০ আল আনছাৰীয়ে কয় যে পণবন্দীসকলক গতাই দিয়াৰ পদ্ধতি কি হ’ব সেয়া এতিয়াও প্ৰকাশ কৰিব পৰা হোৱা নাই। এই যুদ্ধবিৰতিৰ অধীনত পণবন্দীসকলক মুকলি কৰি দিয়াৰ সময়সীমাৰ ভিতৰত ইজৰাইলৰ জেলৰ পৰা পেলেষ্টাইনী বন্দীসকলক মুকলি কৰি দিয়া হ’ব। এই সময়ছোৱাত দুয়োপক্ষই যুদ্ধবিৰতিৰ চৰ্ত উলংঘা নকৰে বুলি তেওঁ আশা প্ৰকাশ কৰে।
দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি হামাছৰ সামৰিক শাখাই নিশ্চিত কৰিছে যে পুৱা ৭ বজাৰ পৰা যুদ্ধবিৰতি আৰম্ভ হ’ব। কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সময় নিশ্চিত নকৰিলেও প্ৰকাশ কৰিবলগীয়া পণবন্দীসকলৰ নামৰ প্ৰাৰম্ভিক তালিকা লাভ কৰা বুলি কয়।
ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এক্স হেণ্ডেলত কয় যে আইডিএফৰ যুদ্ধ বিমানে খান ইউনিছত হামাছৰ নৌসেনাৰ অধিনায়ক আমৰ আবু জালাল্লাক হত্যা কৰিছে। দ্য টাইমছ অৱ ইজৰাইল কাকতৰ তথ্য অনুসৰি গাজাত বসবাস কৰা ১০৩ জন ৰাছিয়ান নাগৰিকে আজি পুৱাই মস্কোলৈ ৰাওনা হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
