নতুন দিল্লী, ১৮ নৱেম্বৰ (হি.স.)। বিশ্বকাপৰ ফাইনেলত দেওবাৰে পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ পূৰ্বে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোক প্ৰশংসা কৰিছে প্ৰাক্তন বিশ্ব চেম্পিয়ন বক্সাৰ ফ্লয়ড মেৱেদাৰে।
প্ৰতিযোগিতাখনত অপৰাজিত হৈ থকা টিম ইণ্ডিয়াই দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ঘৰুৱা মাটিত দ্বিতীয়বাৰৰ বাবে ইতিহাস সৃষ্টি কৰি বিশ্বকাপ জয় কৰাৰ চেষ্টা কৰিব।
গোটেই কেৰিয়াৰত অপৰাজিত হৈ থকা আৰু ১৫খন ডাঙৰ বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰা মেৱেদাৰে এনবিএৰ এখন মেচত অংশ লৈছিল আৰু চেক্ৰেমেণ্টো কিংছৰ মালিক বিবেক ৰানাডিভৰ সৈতে দেখা গৈছিল।
ৰানাডিভে মেৱেদাৰৰ সৈতে এক্সত এটা ভিডিঅ’ পোষ্ট কৰিছিল।
ভিডিঅ’টোত প্ৰাক্তন চেম্পিয়নগৰাকীয়ে কয় যে, ‘ভাৰতীয় ক্ৰিকেট দলক ক’ব বিচাৰিছো, অভিনন্দন। বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ তোমালোকেই সৰ্বোত্তম।
আয়োজক ভাৰতে দুবাৰকৈ, ১৯৮৩ আৰু ২০১১ চনত আইচিচি পুৰুষৰ ক্ৰিকেট বিশ্বকাপত জয়লাভ কৰিছে। গ্ৰুপ পৰ্যায়ৰ ৯খন খেলতে জয়লাভ কৰি ১৮ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে ভাৰতে। প্ৰতিযোগিতাখনত অপৰাজিত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত এক দৰ্শনীয় জয়ৰে ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ বিশাল স্ক’ৰক খেদিবলৈ কিউই দলে যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও ভাৰতীয় বেগী বলাৰ মহম্মদ ছামীয়ে গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উইকেট দখল কৰি ভাৰতীয় দলৰ জয় নিশ্চিত কৰে।
বুধবাৰে মুম্বাইত অনুষ্ঠিত হোৱা খেলখনত ভাৰতে নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰিছিল।
হিন্দুস্থান সমাচাৰ/সুনীল/অৰৱিন্দ/মনোজ
