তামুলপুৰ, ২৫ নৱেম্বৰ (হি.স.): গোৰেশ্বৰত দ্যা নৰ্থ ইষ্ট টাইমচ কাকতৰ সাংবাদিক দীপক স্বৰ্গীয়াৰী সোৱৰণী প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে। দুদিনীয়াকৈ অনুস্থিত হ’বলগীয়া ক্ৰিকেট প্ৰতিযোগীতাখন উদ্বোধন কৰে প্ৰমোদ বড়োৱে।
শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ সোঁৱৰণত গোৰেশ্বৰৰ সংবাদ কৰ্মীসকলৰ এই প্ৰচেষ্টাক শলাগ লয় প্ৰমোদ বড়োৱে । লগতে শ্বহীদ সাংবাদিক গৰাকীৰ স্মৃতিত সাংবাদিক সকলৰ বাবে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা এটা মডেল কাৰ্যালয় নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰমোদ বড়োই । উল্লেখ্য যে হাতত কলম তুলি দুৰ্নীতি তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে নিজৰ কন্ঠ সবল কৰি তোলাৰ সময়তে ১৯৯৫ চনৰ ২৩ চেপ্তেম্বৰত উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল গোৰেশ্বৰৰ সাংবাদিক দীপক স্বৰ্গীয়াৰী। দ্যা নৰ্থ ইষ্ট টাইমচ কাকতৰ লগতে আন এখন বড়ো ভাষাৰ কাকতত সাংবাদিকতা কৰিছিল শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
