
কোকৰাঝাৰ, ১৮ নৱেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ তেলীপাৰাত শুকুৰবাৰে বিয়লি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথত দুৰ্ঘটনাত এগৰাকী যুৱতী দুৰ্ঘটনাত মৃত্যু হয় ৷ মহকুমাৰ অসম-বংগ সীমান্তৰ শ্যামাগুৰী (সৰজামঘুটু )গাঁৱৰ বাসিন্দা প্ৰয়াত নিকোলাছ মুৰ্মুৰ কন্য়া ধানী মুৰ্মু(২৩) নামৰ যুৱতী গৰাকীয়ে বিয়লি ৩ মান বজাত ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে তীব্ৰবেগী বাহন এখনে মহতিয়াই নিয়াৰ ফলতে মৃত্যুমুখত পৰে।
জানিব পৰা মতে মহকুমাৰ ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন তেলিপাৰা বজাৰত চিলাই প্ৰশিক্ষণ গ্ৰহণ কৰি নিজ গৃহাভিমুখী যোৱাৰ সময়তে শ্ৰীৰামপুৰ অভিমুখে যোৱা এখন চাৰিচকীয়া সৰু গাড়ীয়ে মহতিয়াই নিয়ে ৷ ফলত যুৱতী গৰাকী থিতাতে মৃত্যু মুখত পৰে। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে গোসাঁইগাঁও আৰক্ষীয়ে মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰি দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ সন্ধানত অনুসন্ধান চলাই আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
