










































নগাঁৱ,১৪ নৱেম্বৰ(হি.স.)। নগাঁৱৰ নিজ ধিঙৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত সপ্তদশ বাৰ্ষিক অখণ্ড ভাগৱত পাঠ আৰম্ভ। ভাগৱত পাঠ উপলক্ষে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগনন ভক্তপ্ৰাণ ৰাইজে বিষ্ণু মন্দিৰত একগোট হয় আৰু ভাগৱতৰ বিভিন্ন অধ্যায় মন দি শুনে।
ভাগৱত পাঠৰ মাজে মাজে পাঠক গৰাকী ৰাইজক ভাগৱতত থকা বিভিন্ন শ্লোক খণ্ডৰ বিষয়ে ৰাইজক বাখ্যা আগবঢ়ায়।ভাগৱতৰ মহত্ত আৰু ইয়াৰ গুণ গৰিমাৰ বিষয়ে ৰাইজক সম্যক জ্ঞান প্ৰদান কৰে।
বৰ্তমান কালত মানৱ জাতিৰ ভোগবাদী নিটিৰ বাবে ভাগৱত পাঠৰ মহত্ত কিছু পৰিমাণে হ্ৰাস পোৱা বুলি পাঠক গৰাকী উপস্থিত ৰাইজক অৱগত কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.
