ধুবুৰী, ১২ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসী পাৰাৰ মায়াৰ চৰ গাওঁ পঞ্চায়তৰ বলিৰ চৰ বজাৰত বজালী, চিৰাং, ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ পৰা অহা বিভিন্ন পৰ্যায়ৰ কৰ্মী কৰ্তাৰ সহ যোগীতাত যোৱা কালি সন্ধিয়া ৫১ জনীয়া শক্তিশালী আঞ্চলিক নেমছু গঠন কৰা হয়।
উল্লেখ্য যে, উক্ত সভাত আঞ্চলিক নেমছুৰ বিষয়ববীয়া সকলে সভাখনত শিক্ষা, বাল্য বিবাহ মদ জুৱাৰ বিৰুদ্ধে ভাষন প্ৰদান কৰা পৰিলক্ষিত হয়। মায়াৰ চৰ আঞ্চলিক নেমছুৰ উদ্য়োগত ভৱিষ্যতে সমাজৰ কুৰীতি আঁতৰাই শৈক্ষিক দিশত আগবাঢ়ি যাব বুলি সকলোৱে আশা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
