দৰং, ০৬ নৱেম্বৰ(হি.স.)। বিগত কিছুদিনৰ পৰা ছিপাঝাৰৰ বিভিন্ন অঞ্চলত চোৰে ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা চোৰে চাফাই অভিযান চলোৱাৰ পিছত এইবাৰ ধৰ্মীয় অনুষ্ঠান লুন্ঠনৰ লক্ষ্য কৰি লৈছে। যোৱানিশা ব্যাসপাৰাস্থিত ঐতিহাসিক শিৱ মন্দিৰত সংঘটিত হয় এক চুৰি কাণ্ড।
চোৰে তলা ভাঙি লুটি নিয়ে মন্দিৰৰ দান পাত্ৰৰ ধন। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। বিগত কেইবামাহ ধৰি খোলা হোৱা নাছিল মন্দিৰৰ দান পাত্ৰ। ফলত ১৬শ শতিকাতে স্থাপিত শিৱ মন্দিৰটোৰ দানপাত্ৰৰ তলা ভাঙি চোৰে লৈ যায় বুজন পৰিমাণৰ ধন।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
