গোলাঘাট, ২৭ডিচেম্বৰ (হি.স.)। দেৰগাঁৱত আজিও অব্যাহত আছে বাঘৰ আতংক l বঙাল গাঁও,বাৰেঘৰীয়া গাঁও,লঠা গাঁও আদি বহুকেইটা অঞ্চলত বিগত কেইবাদিন ধৰি বাঘে গৰু-ছাগলী ভক্ষণ কৰি চলাইছে সন্ত্ৰাস l শুকুৰবাৰে নিশা বঙাল গাঁৱত প্ৰায় এক বজাত বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত সংস্থাপন কৰিছে পিঞ্জৰা l
সকলোৱে সন্দেহ কৰিছে বঙাল গাঁৱৰ এই ঘণ হাবিতে আছে বাঘটো আৰু সেইবাবে খণ্ড বন বিষয়া বিপুল বৰগোঁহাইৰ নেতৃত্বত দুপৰ নিশা পিঞ্জৰা ন-ৰূপত স্থাপন কৰিছে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ l উল্লেখ্য যে,বাঘৰ আতংকক কেন্দ্ৰ কৰি অঞ্চলটোৰ সকলো ৰাইজ গভীৰ চিন্তাত পৰিছে l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
