
–আটছাই অৰ্দ্ধ শতাধিক বাইকৰ ৰেলীৰে আদৰিলে দৌৰবিদজনক
যোৰহাট, ০৪ নৱেম্বৰ (হি.স.): যোৰহাটৰ জিলাৰ মৰিয়নিৰ পৰা তিনিচুকীয়ালৈ ঐক্য আৰু সততাৰ বাণীৰে ক্ৰীড়াবিদ দিপন চাওৰাই আৰম্ভ কৰা ২০০কি: মি: মাৰাথান শনিবাৰে পুৱা সফলতাৰে সমাপন হয়।
তিনিচুকীয়াৰপৰা উভতি অহাৰ সময়ত আমগুৰিৰ পৰা চেলেংহাটৰ মাজনৈৰ স্বগৃহলৈ অৰ্ধশতাধিক বাইকৰ ৰেলীৰে বিশিষ্ট ক্ৰীড়াবিদ তথা আটছাৰ প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সম্পাদক দীপন চাওৰাক আদৰি অনা হয়। স্বগৃহত উপস্থিত হোৱাৰ লগে লগে দল সংগঠন তথা স্থানীয় ৰাইজে উস্ম আদৰণি জনায় ক্ৰীড়াবিদগৰাকীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
