-পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছৰ নতশিৰ, ক’লে- আক্ৰমণ বন্ধ কৰক, সকলো পণবন্দীক কৰি দিব মুকলি
টেল আভিভ/জেৰুজালেম/ৱাশ্বিংটন, ২৮ অক্টোবৰ (হি.স.)। ইজৰাইলৰ ৰুদ্ৰমূৰ্তি তথা গাজাত ব্যাপক বোমা বৰ্ষণৰ বাবে পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হামাছে আঁঠু লৈছে। সংগঠনটোৱে ইজৰাইলক এই আক্ৰমণ বন্ধ কৰিবলৈ অনুৰোধ জনাইছে। সকলো পণবন্দীক মুকলি কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছে। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে গোটেই নিশা গাজাপট্টীত স্থল আৰু আকাশৰ পৰা শক্তিশালী আক্ৰমণ চলাইছে। চলিত মাহৰ ৭ তাৰিখৰ পৰা যুদ্ধৰ তাণ্ডৱত জ্বলি আছে গাজাপট্টী। হামাছৰ বৰ্বৰ আক্ৰমণৰ পিছত এই যুদ্ধ আৰম্ভ হৈছিল। ইফালে ইণ্টাৰনেট আৰু মোবাইল ফোন সেৱাত ব্যাঘাত জন্মাৰ বাবে গাজাত বসবাস কৰা লোকসকলে বাহিৰৰ জগতখনৰ সৈতে যোগাযোগ হেৰুৱাই পেলাইছে। এই যুদ্ধৰ সময়ত গাজাত এতিয়ালৈকে ৭,৩২৬ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ৩০৩৮টা শিশুও। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
ইজৰাইলৰ মুখ্য মুখপাত্ৰই কয় যে গাজাপট্টীত বায়ুসেনা আৰু সেনাই অভিযান তীব্ৰতৰ কৰি তুলিছে। গাজাত ইণ্টাৰনেট আৰু মোবাইল ফোন সেৱা বন্ধ কৰি দিয়া হৈছে। পেলেষ্টাইনৰ প্ৰধান দুটা মোবাইল নেটৱৰ্ক জৱাল আৰু পালটেলেও নতুন আক্ৰমণৰ পিছত তেওঁলোকৰ ফোন লাইন আৰু ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰা বুলি সদৰি কৰিছে। গাজাত মৃত্যুৰ সংখ্যা ৭,৩২৬লৈ বৃদ্ধি পাইছে, য’ত ৩০৩৮টা শিশুও আছে। কিছু খবৰ অনুসৰি ইজৰাইল সেনাই সন্ধিয়া গাজাত বোমা বিস্ফোৰণ আৰম্ভ কৰে। শনিবাৰে পুৱতি নিশালৈকে গাজাত জুইৰ লেলিহান শিখা অব্যাহত আছিল। এই সকলোবোৰৰ মাজতে হামাছে কয় যে তেওঁলোকৰ যোদ্ধাসকলে বিভিন্ন ক্ষেত্ৰত ইজৰাইলী সৈন্যৰ সৈতে মুখামুখি হৈছে।
ইফালে ইজৰাইলৰ স্থল সেনাৰ মনোভাৱৰ বাবে আমেৰিকাৰ উদ্বেগ বৃদ্ধি পাইছে। পণবন্দীক মুক্তিৰ সন্দৰ্ভত চলি থকা আলোচনা স্থল আক্ৰমণৰ বাবে বিচ্যুত হ’ব পাৰে বুলি আশংকা কৰিছে আমেৰিকাৰ বিষয়াসকলে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ আধানোম গেব্ৰেইছাছে কয় যে ইণ্টাৰনেট আৰু মোবাইল ফোন সুবিধা বন্ধ হোৱাৰ বাবে সংস্থাটোৱে নিজৰ কৰ্মী আৰু স্বাস্থ্যকৰ্মীৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই।
ইজৰাইলৰ সেনাই প্ৰকাশ কৰিছে যে গাজাত আৰু ছয়জন সন্ত্ৰাসবাদী সেনাপতি নিহত হৈছে। ইয়াৰ ভিতৰত হামাছৰ পাঁচজন কমাণ্ডাৰ আৰু পেলেষ্টাইনী ইছলামিক জেহাদৰ এজন কমাণ্ডাৰ আছে। এটা প্ৰতিবেদনত কোৱা হৈছে যে নিজৰ বহু সেনাপতিৰ হত্যা আৰু আত্মগোপনস্থলী ধ্বংস হোৱাৰ বাবে ভয় খাই হামাছে কয় যে আক্ৰমণ বন্ধ হ’লে পণবন্দীসকলক মুকলি কৰি দিব পাৰে। অৱশ্যে ইয়াৰ প্ৰতি ইজৰাইলে কোনো সঁহাৰি দিয়া নাই। ইয়াৰ স্থল আক্ৰমণ অব্যাহত আছে। ইয়াৰ উপৰিও ২৪ ঘণ্টাৰ ভিতৰত গাজাত গেৰিলা অভিযান চলাইছে। পশ্চিম পাৰত হামাছৰ সন্ত্ৰাসবাদীকে ধৰি ৩৬জন পেলেষ্টাইনীক গ্ৰেপ্তাৰ কৰা হৈছে।
ইফালে, হোৱাইট হাউছে কয় যে শেহতীয়াকৈ আমেৰিকাই ছিৰিয়াত আক্ৰমণ চলাই ইৰাণৰ সৈতে জড়িত মিলিচীয়াসকলৰ গোলাবাৰুদৰ যোগান হ্ৰাস কৰিব বিচাৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে হামাছৰ আক্ৰমণে ২০১৮ চনত পিটচবাৰ্গৰ ছিনাগগ হত্যাকাণ্ডৰ ‘ঘাঁ গভীৰ কৰি তুলিছে’। আমেৰিকাৰ বিষয়াসকলে কয় যে ইজৰাইলে স্থল যুদ্ধৰ বাবে পদক্ষেপ বৃদ্ধি কৰা যেন লাগে। আনহাতে নিউয়ৰ্কত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ দাবীত গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেলত ইহুদী ভয়েচ ফৰ পিছৰ আহ্বানত শ শ লোকে বিক্ষোভ প্ৰদৰ্শন কৰে। পিছত আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
