ভূপাল, ২৮ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ পৰা (শনিবাৰে) তিনিদিনীয়াকৈ মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব । ইয়াত বিধানসভা নিৰ্বাচন সন্দৰ্ভত দলীয় পদাধিকাৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ লগতে প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভাত ভাষণ দিব। এই তথ্য বিজেপিৰ ৰাজ্যিক সংবাদ মাধ্যমৰ প্ৰভাৰী আশীষ আগৰৱালাই দিছে।
তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে দিনৰ ১২:৫০ বজাত জবলপুৰত উপস্থিত হ’ব আৰু ৰাণী দুৰ্গাৱতী চিকিৎসালয়ৰ সমীপত শ্বহীদ শংকৰ শ্বাহ আৰু ৰঘুনাথ শ্বাহৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰিব। দিনৰ ১:৩০ বজাত জবলপুৰ বিজেপি সংমণ্ডল কাৰ্যালয়ত জবলপুৰ সংমণ্ডলৰ সংমণ্ডল সভাত ভাষণ দিব। ইয়াৰ পিছতে তেওঁ বিয়লি ৩:৪০ বজাত ছিণ্ডৱাৰা জিলাৰ জুনাৰদেৱৰ নন্দলাল শোধ স্কুল খেলপথাৰত ৰাজহুৱা সভাত ভাষণ দিব। সন্ধিয়া ৬:১০ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ভূপাল আৰু নৰ্মদাপুৰম সংমণ্ডলৰ সংমণ্ডলীয় বৈঠকত ভাষণ দিব শ্বাহে।
আগৰৱালাই কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পিছদিনা ২৯ অক্টোবৰৰ পুৱা ১০ বজাত ভূপালৰ ভিআইপি ৰোডত অৱস্থিত ৰাজভোজৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰিব। ইয়াৰ পিছত পুৱা ১১:৩০ বজাত খাজুৰাহোৰ হোটেল ৰমাদাত উপস্থিত হৈ সাগৰ সংমণ্ডলৰ সংমণ্ডল সভাত দিহা নিৰ্দেশ প্ৰদান কৰিব। ৰেৱা জিলাৰ বৃন্দাবন গাৰ্ডেন ঝিৰিয়াত দিনৰ ২:৫০ বজাত ৰেৱা আৰু শ্বাহদোল সংমণ্ডলৰ সংমণ্ডল সভাত অংশগ্ৰহণ কৰিব শ্বাহে। ইয়াৰ পিছত সন্ধিয়া ৬:৩০ বজাত উজ্জয়নীৰ মহাকলেশ্বৰ মন্দিৰ দৰ্শন কৰি ফ্ৰীগঞ্জৰ টাৱাৰ চকত ৰাজহুৱা সভাত ভাষণ দিব। নিশা ৮.৩০ বজাত হোটেল ৰুদ্ৰাক্ষত উজ্জয়নী সংমণ্ডলৰ বিভাগীয় সভাত অংশগ্ৰহণ কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৩০ অক্টোবৰত মধ্যপ্ৰদেশত থকাৰ তৃতীয় দিনা পুৱা ১১:৩০ বজাত ইন্দোৰৰ হোটেল ব্রিলিয়েণ্ট কনভেনচন চেণ্টাৰ হল বিজয় নগৰত ইন্দোৰ সংমণ্ডলৰ বিভাগীয় বৈঠকত ভাষণ দিব ৷ ইয়াৰ পিছত তেওঁ বিয়লি ২:৩০ বজাত হোটেল ৰেডিচন চিটি চেণ্টাৰ গোৱালিয়ৰত গোৱালিয়ৰ-চম্বল সংমণ্ডলৰ বিভাগীয় বৈঠকত দিহা নিৰ্দেশ প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ/মুকেশ/মনোজ
