নাগপুৰ, ২৪ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী (সৰসংঘচালক) ডা° মোহনৰাও ভাগৱতে বিজয়দশমীৰ দিনা স্মৃতি মন্দিৰত ডা° হেডগেৱাৰ আৰু গুৰুজী স্মৃতিৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰখ্যাত গায়ক পদ্মশ্ৰী শংকৰ মহাদেৱনো তেওঁৰ লগত আছিল। আৰ এছ এছ প্ৰতিষ্ঠা ৯৮ বছৰত আয়োজিত মূল অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত হৈছে শংকৰ মহাদেৱন। স্মৃতি মন্দিৰ পোৱাৰ পূৰ্বে সৰসংঘচালক ডা° মোহন ভাগৱত আৰু শংকৰ মহাদেৱনে নাগপুৰৰ স্বেচ্ছাসেৱকসকলৰ পথ সঞ্চালনো পৰ্যবেক্ষণ কৰে।
উল্লেখযোগ্য যে ১৯২৫ চনত বিজয়দশমীৰ দিনা নাগপুৰৰ মোহিতে কা বাড়া নামৰ ঠাইত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে বিজয়দশমীৰ দিনা সংঘই প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে। প্ৰতি বছৰে সামাজিক জীৱনৰ এজন বিশিষ্ট ব্যক্তিত্ব ৰাজহুৱা অনুষ্ঠানৰ মুখ্য অতিথি হোৱাৰ বিপৰীতে সংঘৰ মুৰব্বীগৰাকীয়ে মূল ভাষণ দিয়ে য’ত সংঘৰ নীতি নিৰ্দেশনামূলক নীতি আৰু সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহৰ ওপৰত তেওঁৰ দৃষ্টিভংগী স্পষ্ট হৈ পৰে।
এইবাৰৰ মুখ্য অতিথি শংকৰ মহাদেৱনে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে কয় যে এই অনুশাসিত আৰু বিশাল সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত দিয়া সন্মান লাভ কৰি তেওঁ আপ্লুত হৈ পৰিছে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীস আৰু কেন্দ্ৰীয় মন্ত্ৰী তথা স্থানীয় সাংসদ নীতিন গাডকাৰীকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান নিউজ / জিতেন্দ্ৰ/মনোজ
