–ম’হ বলি দৰ্শনৰ বাবে সমবেত অজস্ৰ লোক।
ধেমাজি, ২৩ অক্টোবৰ (হি.স.): আজি দুৰ্গোৎসৱৰ মহা নৱামীৰ দিনটোৰ পূৱাৰ পৰাই লোকে লোকাৰণ্য হৈ পৰে চিলাপথাৰ সকলো পূজাৰ মণ্ডপ-দেৱালয় । ১৯০৫ চনত স্থাপিত চিলাপথাৰ চিলাসুতি তাম্ৰেশ্বৰী আই থানত এইবাৰো সম্পন্ন কৰা হয় বলি বিধান।
দেৱীমাৰ তুষ্টিৰ বাবে উচৰ্গা কৰা হয় অসংখ্য হাঁহ, পাৰ আৰু ছাগলী। আজি বিয়লি পৰম্পৰাৰ দোহাই দি বলি দিয়া হয় এটা ম’হ। অপাই অমংগল নাশি কুশল মঙ্গল কামনাৰে আশীৰ্বাদ বিচাৰি দেৱীমাৰ চৰণত অৰ্পন কৰা হ’ল অবোধ পশু। বলি বিধান চাবলৈ তাম্ৰেশ্বৰী আই থানত সমবেত হয় অজস্ৰ লোক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
