কোকৰাঝাৰ, ২২ অক্টোবৰ : হিন্দু – মুছলমানে মিলি গোসাইগাঁও মহকুমাৰ হাৰাপুটা ( তেলিপাৰা )ত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰি কি হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান তাৰে এক চানেকী দি হিন্দু – মুছলমানৰ সমন্বয়ৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ ১৯৯০ চনত মুছলমান লোকৰ সহায়- সহযোগিতাত পোন প্ৰথমবাৰৰ বাবে হাৰাপুটা তেলিপাৰাত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছিল ৷ তেতিয়াৰ পৰাই হাৰাপুটা তেলিপাৰাত প্ৰতি বছৰে শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈয় আহিছে ৷
অন্যান্য বছৰ দৰে এই বেলিও হাৰাপুটা তেলিপাৰাত শাৰদীয় দুৰ্গা পূজা উলহ – মালহৰে পালন কৰা পৰিলক্ষিত হৈছে ৷ হাৰাপুটা তেলিপাৰাৰ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতিষ্ঠাপক সম্পাদক গৌৰাংগ মল্লিকে ৯০ দশকৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে ৷ এই বেলিৰ হাৰাপুটা তেলিপাৰাৰ দুৰ্গা পূজাৰ সভাপতি ভুমিশ্বৰ শাঁও (পুতনা )কয় যে ৯০ দশকত মুছলমান লোকৰ সহায় সহযোগিতাত অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা দুৰ্গা পূজা সদায় হাৰাপুটা তেলিপাৰাবাসীৰ মনত সদায় চিৰস্মৰণীয় হৈ থাকিব ৷
