তামুলপুৰ, ২২অক্টোবৰ। তামুলপুৰৰ নাৰায়ণপুৰত যোৱা নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পূজা চাবলৈ অহা চাৰি জনকৈ লোক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। এএছ ০১ ডি এক্স ৩৮১১ নম্বৰৰ স্কুটি আৰু টমটম বাহনেৰে মুখামুখি সংঘৰ্ষ হোৱাত আঘাতপ্ৰাপ্ত হৈছে টমটম চালক সহ স্কুতিত অহা তিনি জনকৈ যুৱক।
আঘাতপ্ৰাপ্ত তিনি যুৱকৰ নাম সুজন বিশ্বাস, শংকৰ দাস, সুজন দাস বুলি জানিব পৰা গৈছে। নাগ্ৰিজুলীৰ জয়পুৰ গাঁওৰ পৰা কাউলীত পূজা চাবলৈ আহিছিল যুৱক কেইজনে। দুৰ্ঘটনাৰ ফলত পথৰ ওপৰত বাগৰি পৰে টমটম বাহন খন। আহত সকলক নাগ্ৰিজুলী আদৰ্শ চিকিৎসালয়ত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে । টমটম বাহন খনত অন্য কোনো যাত্ৰী নাছিল বুলি জানিব পৰা গৈছে।
