কোকৰাঝাৰ, ২২ অক্টোবৰ : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ ৰূপচিত এগৰাকী মানসিক বিকাৰগ্ৰস্ত ব্যক্তি শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ পৰিছে। পৰ্বতঝোৰাৰ ৰূপচী প্ৰথম খণ্ড গাঁৱৰ পৰা সন্ধানহীন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিজনৰ নাম ভাদু আলী বুলি জানিব পৰা গৈছে।
পৰিয়ালৰ লোকে জানিব দিয়া মতে শুকুৰবাৰে পুৱতি নিশাই নিজ ঘৰতে চাহখাই ওলাই যোৱাৰ পৰাই সন্ধানহীন হৈ পৰে ভাদু আলী। সকলো আত্মীয় স্বজনৰ ঘৰত খবৰ লোৱাৰ পিছতো কাজিগাওঁ থানৰ অন্তৰ্গত ৰূপচী প্ৰথম খণ্ডৰ আগবৰ আলী (গাওঁবুঢ়া )ৰ পুত্ৰ ভাদু আলীৰ কোনো সন্ধান উলিয়াব পৰা নাই। লোকজন নিৰুদেশ হোৱা কেন্দ্ৰ কৰি পিতৃ মাতৃয়ে কন্দনত ভাঙি পৰিছে। কোনো সদাশয় ব্যক্তিয়ে লগ পালে ৯৯৫৭৭৩৫১৯১/৯৮৬৪৮১৪৬২০ নম্বৰত যোগাযোগ বা নিকটৱৰ্তী আৰক্ষী থানাত অৱগত কৰাবলৈ অসহায় পিতৃ মাতৃয়ে কান্দি কান্দি আহ্বান জনাইছে।
