নগাঁও, ২০ অক্টোবৰ। কলিয়াবৰৰ কুলিডুঙাত আজি প্রাক শৈশৱকালীন শিশু শিক্ষা দিৱস উদযাপন। কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আয়োজন কৰা হৈছে এই দিৱসটি। উৎসৱৰ লগত সংগতি ৰাখি বিহু আৰু দুৰ্গা পূজাৰ উৎসৱৰ বিষয়ে শিশু সকলক জ্ঞান প্ৰদানৰ চেষ্টা চলোৱা হয় ।
লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখনি গ্ৰাম্য স্বাস্থ্য সভাও অনুষ্ঠিত কৰা হয়। অনুষ্ঠান ত উপস্থিত থাকে কলিয়াবৰ সংহত শিশু উন্নয়ন প্রকল্প বিষয়া জোনটি হাজৰিকা, মুখ্য সেবিকা চিনু শইকীয়া, মৌচুমী বৰদলৈ, স্বাস্থ্য কৰ্মী দিপুমণি মেধি, এ.এন. এম দুলুমণি শৰ্মা, শিশু-মাতৃ কে ধৰি ভালে সংখ্যক অংগনবাদী কৰ্মী।
