হংকং, ১০ ছেপ্টেম্বৰ (হি.স.)। হংকং অ’পেন ছুপাৰ ৫০০ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৰ যাত্ৰাৰ অন্ত পৰিল বুধবাৰে। ডেনমাৰ্কৰ অবাচনিকৃত খেলুৱৈ লাইন ক্রিষ্টোফাৰচেনৰ বিৰুদ্ধে তিনিখন খেলৰ কঠিন যুঁজত সিন্ধুৱে ১৫-২১, ২১-১৬, ২১-১৯ ব্যৱধানত পৰাস্ত হয়৷ প্ৰায় এঘণ্টা ধৰি চলি থকা মেচখনত ক্রিষ্টোফাৰচেনৰ বিৰুদ্ধে সিন্ধুৰ এয়া প্রথম পৰাজয় ৷
প্ৰথমখন খেলত সিন্ধুৱে শক্তিশালী আৰম্ভণি কৰি অগ্ৰগতি লাভ কৰি ২১-১৫ ব্যৱধানত জয়লাভ কৰে যদিও দ্বিতীয়খন খেলত ১৩-১২ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ পিছতো একেৰাহে ৫ পইণ্ট হেৰুৱাই পিছ পৰি ৰয়। নিৰ্ণায়ক খেলখন আছিল ৰোমাঞ্চকৰ আৰু স্ক’ৰ ১৯-১৯ত উপনীত হয়। ইয়াত ডেনিছ খেলুৱৈগৰাকীয়ে হেঁচা চম্ভালি একেৰাহে দুটা পইণ্ট লাভ কৰি সিন্ধুক প্ৰতিযোগিতাখনৰ পৰা বাহিৰ কৰি দিয়ে।
আনহাতে ভাৰতৰ পুৰুষ শ্বাটলাৰসকলে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। এইচ.এছ. প্ৰান্নয়ে বিশ্বৰ ১৪ নম্বৰৰ চীনৰ লু গুৱাং জুক ২১-১৭, ২১-১৪ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বিশ্ব চেম্পিয়নশ্বিপৰ প্রাক্তন পদক বিজয়ী লক্ষ্য সেনে কঠিন প্রতিযোগিতাত ২২-২০, ১৬-২১, ২১-১৫ ব্যৱধানত জয়লাভ কৰে৷ কিৰণ জৰ্জে ছিংগাপুৰৰ শীৰ্ষ ছিড খেলুৱৈ জেছন টেহক ২১-১৬, ২১-১১ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।
ডাবলছত ভাৰতীয় ভগ্নী ৰুতাপৰ্ণা আৰু স্বেতাপৰ্ণ পাণ্ডাৰ যুটি ১৭-২১, ৯-২১ ব্যৱধানত পৰাস্ত হয়। মিক্সড ডাবলছত ধ্ৰুৱ কপিল আৰু তানিছা ক্ৰাষ্টোও চীনা টাইপেই যুটিৰ হাতত পোনপটীয়া খেলত পৰাস্ত হয়। আয়ুষ শ্বেট্টীয়ে পিছত প্ৰথম ৰাউণ্ডৰ মেচ খেলিব, আনহাতে মঙলবাৰে শীৰ্ষ যুটি পুৰুষৰ ডাবলছৰ যুটি সাতৱিকচৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে বিজয়ী আৰম্ভণি কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
