লৰ্ডছ, ১১ জুলাই (হি.স.)। লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট মেচৰ প্ৰথম দিনাই ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দিনটোৰ খেলখনৰ শেষলৈকে ইংলেণ্ডে ৪টা উইকেট হেৰুৱাই ২৫১ ৰান সংগ্ৰহ কৰিছিল। প্ৰবীণ বেটছমেন জো ৰুটে ৯৯ ৰানত অপৰাজিত হৈ উভতি অহাৰ বিপৰীতে অধিনায়ক বেন ষ্ট’কছে ৩৯ ৰান সংগ্ৰহ কৰি ক্ৰীজত তেওঁৰ সৈতে থিয় দিছে। এই পৰ্যন্ত দুয়োৰে মাজত ৭৯ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলা হৈছে।
নীতিশ ৰেড্ডীৰ দ্বৈত সফলতাৰ বাবে ইংলেণ্ডৰ আৰম্ভণি লেহেমীয়া
ভাৰতীয় বলাৰসকলে স্থিৰ আৰম্ভণি কৰিছিল যদিও ১৪ নং অভাৰত নীতিশ কুমাৰ ৰেড্ডীয়ে আহি ইংলেণ্ডক দুটাকৈ আঘাত দিয়ে। তেওঁ প্ৰথমে বেন ডাকেট (২৩) আৰু তাৰ পিছত জেক ক্ৰ’লি (১৮)ক আউট কৰি ভাৰতক মেচখনত ঘূৰাই আনে। ইয়াৰ পিছত জো ৰুট আৰু অলি পোপে ইংলেণ্ডৰ ইনিংছ চম্ভালিবলৈ চেষ্টা কৰিছিল, আৰু ১০৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল।
দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত ৰবীন্দ্ৰ জাডেজাই অলি পোপ (৪৪)ক আউট কৰি অংশীদাৰিত্ব ভংগ কৰে। ইয়াৰ পিছতে জাছপ্ৰিত বুমৰাহে হেৰী ব্ৰুক (১১) ক্লীন বলিং কৰি ইংলেণ্ডৰ পিঠি ভাঙিবলৈ চেষ্টা কৰে।
পুনৰ ইতিহাস সৃষ্টি কৰিবলৈ সাজু জো ৰুট
এই পৰ্যন্ত ১৯১টা বলত ৯৯ ৰান কৰি খেলি থকা জো ৰুটে ভাৰতৰ বিৰুদ্ধে ১১ সংখ্যক টেষ্ট শতকৰ পৰা মাত্ৰ এটা ৰান দূৰত। ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট ৰাণ আৰু শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে ৰুট। তেওঁৰ সংযত শৈলী আৰু কাৰিকৰী বেটিঙে ইংলেণ্ডক এক সুস্থিৰ মঞ্চ প্ৰদান কৰিছে।
ষ্ট’কছৰ সংযম, বেজবলৰ পৰা ব্ৰেক
সাধাৰণতে আক্ৰমণাত্মক বেটিঙৰ বাবে পৰিচিত অধিনায়ক বেন ষ্ট’কে এইবাৰ বেজবল শৈলী এৰি ১০২ বলত ৩৯ ৰানৰ সংযত ইনিংছ খেলিছে। ইয়াৰ দ্বাৰা ইংলেণ্ডৰ কৌশলৰ পৰিৱৰ্তন দেখা যায়, বিশেষকৈ যেতিয়া ভাৰতীয় বলাৰসকলৰ সন্মুখত নিয়ন্ত্ৰিত লাইন-লেংথ থাকে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
