মিয়ামি, ০৬ আগষ্ট (হি.স.)। লীগ কাপ ২০২৫ৰ এখন গুৰুত্বপূৰ্ণ মেচত ইণ্টাৰ মিয়ামীয়ে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। দলটোৰ তাৰকা খেলুৱৈ লিয়নেল মেছিয়ে পুমাছ উনামৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ মেচখনৰ পৰা আঁতৰি আছে। মঙলবাৰে দলৰ প্ৰশিক্ষক জেভিয়াৰ মাস্কেৰানোৱে এই কথা নিশ্চিত কৰে।
মাস্কেৰানোৱে কয় যে যোৱা শনিবাৰে নেকাক্সাৰ বিৰুদ্ধে মিয়ামীয়ে জয়লাভ কৰাৰ সময়ত মেছিৰ সোঁ উৰুৰ ওপৰৰ অংশত সামান্য পেশীত আঘাত পাইছিল।
মাস্কেৰানোৱে সাংবাদিকৰ আগত কয়, বেয়া খবৰৰ মাজত ভাল কথাটো হ’ল যে মেছিয়ে সাধাৰণতে আঘাতৰ পৰা অতি সোনকালে সুস্থ হৈ উঠে, কিন্তু কাইলৈৰ মেচখনৰ বাবে তেওঁ যে উপলব্ধ নহ’ব সেয়া স্পষ্ট। ইয়াৰ পিছত আমি চাম তেওঁৰ আৰোগ্য কেনেকুৱা।
এই ছিজনত এম এল এছত সৰ্বাধিক ১৮টা গ’ল দিয়া মেছিয়ে ২০২৩ চনত ইণ্টাৰ মিয়ামীক লীগ কাপৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
লীগ কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে ইণ্টাৰ মিয়ামীয়ে পুমাছ উনামৰ বিৰুদ্ধে এই মেচখন যিকোনো মূল্যতে জয়ী হ’ব লাগিব। দলটোৱে যদি নকআউট পৰ্যায়ত উপনীত হয়, তেন্তে মেছিয়ে ঘূৰি আহিবলৈ প্ৰায় দুসপ্তাহ সময় পাব।
ইণ্টাৰ মিয়ামিৰ পৰৱৰ্তী এম এল এছ মেচ দেওবাৰে অৰলেণ্ডোৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
