কোচি, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ২০২৩-২৪ত আজি সন্ধিয়া কেৰালা ব্লাষ্টাৰছ এফ চিয়ে নিজৰ ঘৰুৱা খেলপথাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ইষ্ট বেংগল এফ চিৰ বিৰুদ্ধে খেলিব।
ইভান ৱুকমানোভিচৰ ব্লাষ্টাৰছৰ ১৯খন মেচত ৩০ পইণ্ট আছে আৰু ইয়াৰ সৈতে কেৱল চেন্নাইন এফ চি আৰু পঞ্জাব এফ চিয়েহে সমতা কৰিব পাৰে। মঙলবাৰে ওড়িশা এফ চিয়ে পঞ্জাব এফ চিক পৰাস্ত কৰে, সেয়েহে কোচিৰ দলটোৱে স্বয়ংক্ৰিয়ভাৱে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
ইয়াৰ বিপৰীতে ইষ্ট বেংগল এফ চিয়ে শীৰ্ষ ছয় স্থানত স্থান লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ১৯খন খেলত ১৮ পইণ্ট লাভ কৰি ১১ নম্বৰ স্থানত আছে দলটোৱে। তেওঁলোকৰ তিনিখন মেচ বাকী আছে, আৰু সকলো মেচতে জয়ী হৈ তেওঁলোকে সৰ্বাধিক ২৭ পইণ্ট লাভ কৰিব পাৰে।
মঙলবাৰে খেলখনৰ পূৰ্বে কেৰালা ব্লাষ্টাৰছ এফ চিৰ ছাৰ্বিয়ান মুখ্য প্ৰশিক্ষক ইভান ৱুকমানোভিচে কয় যে, ‘এজন প্ৰশিক্ষক হিচাপে আপুনি সদায় বিচাৰে যে আপোনাৰ দলৰ কোনোৱেই আঘাত নাপায়। আমি বিচাৰো যে ছিজনৰ অন্তিম পৰ্যায়ত সকলোৱে উপলব্ধ হওক আৰু খেলুৱৈসকল সতেজ হোৱাটো নিশ্চিত কৰিব বিচাৰো আৰু সম্ভৱপৰ উত্তমভাৱে সুস্থ হ’ব পৰাটো।”
ইষ্ট বেংগল এফ চিৰ সহকাৰী প্ৰশিক্ষক বিনো জৰ্জে মেচৰ পূৰ্বে সংবাদমেলত কয় যে আমাৰ দলৰ এটা ভাল পৰিকল্পনা আছে আৰু আমি এই মেচত ইয়াক অনুসৰণ কৰিম। ফুটবলাৰ হিচাপে কোচিত অনুৰাগীৰ সন্মুখত খেলি সকলোৱে সুখী।”
উল্লেখ্য যে এই পৰ্যন্ত দুয়োটা দলৰ মাজত ৭ খন মেচ অনুষ্ঠিত হৈছে, য’ত কেৰালা ব্লাষ্টাৰছে ৩ খন আৰু ইষ্ট বেংগল এফ চিয়ে ১ খন মেচত জয়লাভ কৰিছে, আনহাতে ৩ খন মেচ ড্ৰ’ হৈছে।
