-পাকিস্তানৰ নিদা দাৰৰ সমতা
নতুন দিল্লী, ০৫ জুলাই (হি.স.)। লণ্ডনৰ দ্য অ’ভালত শুকুৰবাৰে ইংলেণ্ড মহিলা দলৰ বিৰুদ্ধে খেলা তৃতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত ভাৰতৰ অল-ৰাউণ্ডাৰ দীপ্তি শৰ্মাই ইতিহাসৰ সৃষ্টি কৰে। কেৰিয়াৰৰ ১৪৪ সংখ্যক উইকেট দখল কৰি মহিলাৰ টি-২০ ইণ্টাৰনেশ্যনেলৰ যৌথ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হোৱাৰ গৌৰৱ অৰ্জন কৰে। ইয়াৰ সৈতে তেওঁ পাকিস্তানৰ প্ৰাক্তন অধিনায়ক নিদা দাৰৰ সমতা স্থাপন কৰে।
মহিলাৰ টি-২০ত সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ মেগান শ্বটৰ হাতত আছে, যিয়ে ১৫১টা উইকেট দখল কৰিছে।
ইয়াৰ উপৰিও মহিলাৰ টি-২০ত ১০০ উইকেট দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ দীপ্তি শৰ্মা। এতিয়া তেওঁৰ পিছতে ৰাধা যাদৱ এই তালিকাত যোগদান কৰা দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে, যিয়ে এই মেচত ইংলেণ্ডৰ ষ্টেণ্ড-ইন অধিনায়ক টেমি বিউমণ্টক আউট কৰি এই কৃতিত্ব অৰ্জন কৰিছিল।
২০১৬ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ আইত অভিষেক ঘটোৱা ২৭ বছৰীয়া দীপ্তিয়ে প্ৰথম চাৰি অভাৰৰ স্পেলত ১৯ ৰানত এটা উইকেট দখল কৰিছিল। ২০১৯ চনৰ নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন ৪ উইকেটত ১০ ৰান।
মহিলাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বলাৰ :
১.মেগান শ্বট (অষ্ট্ৰেলিয়া) – ১৫১ উইকেট
২) দীপ্তি শৰ্মা (ভাৰত) – ১৪৪ উইকেট *
৩) নিদা দাৰ (পাকিস্তান) – ১৪৪ উইকেট
৪) ছফী এক্লেষ্টোন (ইংলেণ্ড) – ১৩৮ উইকেট
৫) হেনৰিট ইছিমৱে (ৰুৱাণ্ডা) – ১৩২ উইকেট
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
