ল’জান, ০২ ছেপ্টেম্বৰ (হি.স.)। পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী আলজেৰিয়ান বক্সাৰ ইমান খলিফে বাধ্যতামূলক জেনেটিক চেক্স টেষ্ট নকৰালৈকে আগন্তুক প্ৰতিযোগিতাসমূহৰ পৰা বাদ দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনাইছে।
ক্ৰীড়াৰ বাবে গঠিত কোৰ্ট অৱ আৰ্বিট্ৰেচন (চিএএছ)-এ সোমবাৰে কয় যে খলিফে যোৱা মাহত এই আবেদন দাখিল কৰিছিল। অৱশ্যে বিশ্ব বক্সিঙৰ এই সিদ্ধান্ত শীঘ্ৰে স্থগিত ৰখাৰ বাবে খলিফৰ দাবী নাকচ কৰিছে চিএএছে। অৰ্থাৎ এই সপ্তাহৰ পৰা আৰম্ভ হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব নোৱাৰিব।
খলিফে যোৱা বছৰ পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। সেই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ আৰু চীনা টাইপেইৰ লিন ইউ-টিংক লৈ প্ৰশ্ন উত্থাপন হৈছিল। দুয়োকে ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা পূৰ্বৰ শাসকীয় সংস্থা আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনে (আই বি এ) অজ্ঞাত যোগ্যতা পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে বাদ দিছিল।
কিন্তু বিতৰ্ক আৰু অপব্যৱস্থাপনাৰ বাবে আই বি এ দীৰ্ঘদিন ধৰি স্থগিত ৰখা হৈছিল। ইয়াৰ পিছত আইওচি (International Olympic Committee) য়ে টকিঅ’ আৰু পেৰিছ অলিম্পিকত বক্সিং অনুষ্ঠিত কৰিছিল আৰু পুৰণি লিংগ যোগ্যতাৰ নিয়মৰ ভিত্তিত খালিফ আৰু লিন দুয়োকে খেলিবলৈ অনুমতি দিছিল।
২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ বাবে স্বীকৃতি লাভ কৰিছে নতুন শাসকীয় সংস্থা ৱৰ্ল্ড বক্সিঙে। ইফালে, চলিত বৰ্ষৰ মে’ মাহত সকলো খেলুৱৈৰ বাবে বাধ্যতামূলক যৌন পৰীক্ষাৰ কথা ঘোষণা কৰিছিল আৰু বিশেষভাৱে খলিফৰ নাম উল্লেখ কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত সংগঠনটোৱে অনুশোচনা কৰে।
খলিফৰ লক্ষ্য হৈছে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ৱেল্টৰৱেইটৰ স্বৰ্ণ পদক ৰক্ষা কৰা। একে সময়তে আই অ’ চিৰ নতুন সভাপতি কিৰ্ষ্টি কভেণ্ট্ৰিয়ে লিংগ যোগ্যতাৰ বিষয়সমূহ বিবেচনা কৰিবলৈ এক বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
