জেনেভা, ০১ নৱেম্বৰ (হি.স.)। ছৌদি আৰবে ২০৩৪ চনৰ ফুটবল বিশ্বকাপ আয়োজনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি মঙলবাৰে ফিফাই নিশ্চিত কৰিছে। ২০৩০ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ বাবে মৰক্কো, পৰ্তুগাল, স্পেইন আৰু উৰুগুৱেৰ পৰাও বিশ্ব ফুটবল শাসকীয় সংস্থাটোৱে আগ্ৰহৰ নিশ্চয়তা লাভ কৰিছে।
ফিফাই ঘোষণা কৰে যে এই প্ৰথম পৰ্যায়ৰ পিছত ফিফা বিশ্বকাপৰ দুয়োটা সংস্কৰণৰ বাবে সম্পূৰ্ণ নিবিদা প্ৰক্ৰিয়া গ্ৰহণ কৰা হ’ব, ২০২৪ চনত ফিফা কংগ্ৰেছত সমবেত হোৱা সদস্য সংঘসমূহে আয়োজকসকলক নিযুক্তি দিব।
মূল্যায়ন প্ৰতিবেদন প্ৰকাশৰ পূৰ্বে ফিফাই নিবিদাকাৰীৰ সৈতে আলোচনা আৰম্ভ কৰিব। ফিফা কংগ্ৰেছে প্ৰতিবেদনসমূহৰ ওপৰত আলোচনা কৰি সংশ্লিষ্ট প্ৰতিযোগিতাসমূহৰ আয়োজক নিযুক্তি দিব।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ/অৰবিন্দ
