• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > বি চি চি আই, গৌতম গম্ভীৰ আৰু অন্যান্য প্ৰাক্তন কিংবদন্তিসকলে চেতেশ্বৰ পূজাৰাক তেওঁৰ উজ্জ্বল টেষ্ট কেৰিয়াৰৰ বাবে অভিনন্দন জ্ঞাপন
Sports

বি চি চি আই, গৌতম গম্ভীৰ আৰু অন্যান্য প্ৰাক্তন কিংবদন্তিসকলে চেতেশ্বৰ পূজাৰাক তেওঁৰ উজ্জ্বল টেষ্ট কেৰিয়াৰৰ বাবে অভিনন্দন জ্ঞাপন

CliQ INDIA
Last updated: August 25, 2025 4:55 am
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ২৪ আগষ্ট (হি.স.)। ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ টেষ্ট বেটছমেন চেতেশ্বৰ পূজাৰাই ভাৰতীয় ক্ৰিকেটৰ সকলো ধৰণৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দেওবাৰে ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ ক্ৰিকেটৰ পৰা বিদায় লয়। তেওঁৰ অৱসৰৰ সময়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই), ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ লগতে বহু প্ৰাক্তন খেলুৱৈয়ে পূজাৰাক তেওঁৰ উজ্জ্বল টেষ্ট কেৰিয়াৰৰ বাবে অভিনন্দন জনাইছে।

বিচিচিআইয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ১০৩টা টেষ্ট, ৭১৯৫ ৰান, ১৬২১৭টা বল ফেচড, ১৯ শতক আৰু ৩৫টা অৰ্ধশতক। টেষ্ট ক্ৰিকেটত টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা অন্যতম সাহসী আৰু উত্তম খেলুৱৈ চেতেশ্বৰ পূজাৰা – টেষ্ট ক্ৰিকেটৰ উজ্জ্বল কেৰিয়াৰৰ বাবে অভিনন্দন আৰু আগন্তুক যাত্ৰাৰ বাবে শুভেচ্ছা।”

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে পূজাৰাক ক্ৰিকেট কেৰিয়াৰৰ বাবে অভিনন্দন জনাই ইনষ্টাগ্ৰামত লিখিছে, ”যেতিয়া ধুমুহা আহিছিল, তেতিয়া তেওঁ দৃঢ়তাৰে থিয় দিছিল, যেতিয়া আশা ম্লান হৈ আছিল, তেতিয়া তেওঁ যুঁজিছিল। অভিনন্দন পুজ্জী।”

ভাৰতীয় টেষ্ট দলৰ অধিনায়ক শুবমান গিলে পূজাৰাৰ অৱসৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছ’চিয়েল মিডিয়া ইনষ্টাগ্ৰামত লিখিছে, ”ধন্যবাদ, পুজ্জী ভাই।”

ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্তই পূজাৰাৰ সৈতে খেলপথাৰত কটোৱা মুহূৰ্তবোৰ স্মৰণ কৰে। তেওঁ তেওঁক লিখিছিল যে মোৰ কিছুমান উত্তম স্মৃতি ছিডনীৰ পৰা গাব্বালৈকে আপোনাৰ সৈতে বেটিং কৰাৰ সৈতে জড়িত। আমাৰ অংশীদাৰিত্ব আৰু ভাৰতীয় ক্ৰিকেটলৈ আপোনাৰ অৱদানক মই সদায় লালন-পালন কৰিম। পুজ্জি ভাই, আপোনাৰ উজ্জ্বল টেষ্ট কেৰিয়াৰৰ বাবে অভিনন্দন আৰু আপোনাৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা।

প্ৰাক্তন কিংবদন্তি বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে লিখিছে, ”উজ্জ্বল টেষ্ট কেৰিয়াৰৰ বাবে চেতেশ্বৰ পূজাৰাক অভিনন্দন। আপোনাৰ ধৈৰ্য্য, দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰম প্ৰেৰণাদায়ক আছিল আৰু আপুনি যিখিনি অৰ্জন কৰিছে তাক লৈ গৌৰৱ কৰিব পাৰে। স্মৰণীয় দ্বিতীয় ইনিংছৰ বাবে শুভেচ্ছা।”

প্ৰাক্তন তাৰকা অল-ৰাউণ্ডাৰ যুৱৰাজ সিঙে লিখিছে, ”এজন ব্যক্তিত্ব যিয়ে সদায় নিজৰ শৰীৰ, মন আৰু আত্মাক দেশৰ বাবে উৎসৰ্গা কৰিছিল। আপোনাৰ চমৎকাৰ কেৰিয়াৰৰ বাবে পূজাক বহুত বহুত অভিনন্দন। আকৌ লগ পাম।”

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাই লিখিছে, ”অভিনন্দন ভাই চেতেশ্বৰ পূজাৰা। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ এক সুন্দৰ কেৰিয়াৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

গ্ৰেট ৰেকৰ্ডচেতেশ্বৰ পূজাৰাৰ টেষ্টত ডাঙৰ কেৰিয়াৰ আছিল। ভাৰতীয় দলৰ হৈ ১০৩খন টেষ্ট মেচত গড়ে ৪৩.৬০ ৰান সংগ্ৰহ কৰি ৭১৯৫ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ১৯টা শতক আৰু ৩৫টা অৰ্ধশতক অৰ্জন কৰে। টেষ্টত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ২০৬ নট আউট। পূজাৰাই ভাৰতৰ হৈ পাঁচখন এদিনীয়াও খেলিছিল, য’ত তেওঁ ৫১ ৰান সংগ্ৰহ কৰিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ২৭৮খন খেল খেলিছিল, য’ত তেওঁ ২১,৩০১ ৰান সংগ্ৰহ কৰিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁৰ নামত ৬৬টা শতক আৰু ৮১টা অৰ্ধশতক আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

তৃতীয়খন টেষ্টত ৱেষ্ট ইণ্ডিজক ৩২৩ ৰানত পৰাস্ত কৰি নিউজিলেণ্ডৰ ২-০ শৃংখলা জয়
বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপঃ ভাৰতৰ প্ৰথমটো মিক্সড ডাবলছ পদক লাভৰ পৰা বঞ্চিত ধ্ৰুৱ-তানিষা
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে মেথিউ ৱেড, প্ৰশিক্ষকৰ দিশত অগ্ৰসৰ | BulletsIn
কলকাতা নাইট রাইডাৰ্স হাইদ্রাবাদক পরাভূত করে, সুনীল নারিন ঐতিহাসিক ২০০ আইপিএল উইকেট অর্জন করে
আইপিএল ২০২৬: প্ৰথম ২০ দিনৰ সূচী ১২ মাৰ্চত; বিচিচিআই-য়ে বিৰাট-ৰোহিতৰ আইচিচি বিজয়ী দলক জনাব সন্মান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article লংকাত চুৰি হোৱা স্কুটি উদ্ধাৰ কৰি চমজাই দিয়ে স্কুটিৰ গৰাকীক
Next Article ১৮ শতাংশ জি এছ টি স্লেবত কাৰ্বনেটেড ড্ৰিংকছ ৰখাৰ বাবে বিত্তমন্ত্ৰীলৈ কেটৰ পত্ৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?