ঢাকা, ২৩ আগষ্ট (হি.স.)। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে এছিয়া কাপ ২০২৫ৰ বাবে শুকুৰবাৰে ১৬ জনীয়া দল ঘোষণা কৰে। অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব এছিয়া কাপ। ইয়াৰ পূৰ্বে এই দলৰ খেলুৱৈসকলে নেদাৰলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলাও খেলিব।
শেহতীয়াকৈ শ্ৰীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলাত বাংলাদেশক ঐতিহাসিক জয়ৰ দিশত আগুৱাই লৈ যোৱা লিটন দাসে দলটোৰ নেতৃত্ব দিব।
বহুদিনৰ মূৰত দলত পুনৰ উভতি আহিছে উইকেটকীপাৰ-বেটছমেন নুৰুল হাছান। একে সময়তে অভিজ্ঞ অলৰাউণ্ডাৰ মেহদী হাছান মিৰাজে মূল দলত স্থান লাভ কৰা নাই, আনহাতে জ্যেষ্ঠ বেটছমেন নাজমুল হুছেইন শান্তোকো দলৰ পৰা বাদ দিয়া হৈছে। ষ্টেণ্ডবাই খেলুৱৈৰ ভিতৰত সৌম্য সৰকাৰক ৰখা হৈছে।
এছিয়া কাপত গ্ৰুপ বিত স্থান লাভ কৰা বাংলাদেশে আফগানিস্তান, হংকং আৰু শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। একে সময়তে গ্ৰুপ এত ভাৰত, পাকিস্তান, ওমান আৰু আয়োজক ইউ এ ইৰ দলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
বাংলাদেশ দল (এছিয়া কাপ ২০২৫):
লিটন দাস (অধিনায়ক), তাঞ্জিদ হাছান, পাৰভেজ হোছেইন ইমন, ছাইফ হাছান, তৌহিদ হৃদয়, জাকিৰ আলী অনিক, ছামিম হোছেইন, কোৱাজী নুৰুল হাছান সোহান, শক মহিদি হাছান, ৰিছাদ হোছেইন, নাছুম আহমেদ, মুস্তাফিজুৰ ৰহমান, তাঞ্জিম হাছান চাকিব, টাস্কিন আহমেদ, শ্বৰীফুল ইছলাম, শ্বেইফ উদ্দিন।
ষ্টেণ্ডবাই খেলুৱৈ : সৌম্য চৰকাৰ, মেহদি হাছান মিৰাজ, তনবীৰ ইছলাম, হাছান মাহমুদ।
हिन्दुस्थान समाचार
