ডেৰাডুন, ২৫ অক্টোবৰ (হি.স.)। উত্তৰাখণ্ডৰ ক্ৰিকেট সন্থাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ ২০২৫-২৬ ঘৰুৱা ছিজনৰ বাবে ৰাজ্যখনৰ ১৯ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেট দলটোক নিৰ্বাচিত কৰি যুৱ খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ প্ৰদান কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ প্ৰতিভাৱান ছোৱালীয়ে নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে, আৰু চূড়ান্ত দলত ১৬ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰা হয়।
উত্তৰাখণ্ডৰ ক্ৰিকেট সন্থাৰ সম্পাদক কিৰণ ভাৰ্মা ৰাউটেলাই কয় যে উত্তৰাখণ্ডৰ মহিলা ক্ৰিকেটক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ, য’ত একতা বিষ, মানসী যোশী, আৰু স্নেহা ৰানাৰ দৰে প্ৰবীণ খেলুৱৈয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাইছে। অক্টোবৰৰ আৰম্ভণিতে বিভিন্ন জিলাত বাছনি পৰীক্ষা অনুষ্ঠিত হৈছিল। যোৱা ৩ আৰু ৪ অক্টোবৰত হৰিদ্বাৰৰ এছ এছ ক্ৰিকেট একাডেমী ক্ৰিকেট খেলপথাৰত ১৯ বছৰ অনুৰ্ধৰ মহিলাৰ ট্ৰাইল অনুষ্ঠিত হোৱাৰ বিপৰীতে জয়পুৰত অনুশীলন মেচ অনুষ্ঠিত হয়।
এছ’চিয়েশ্যনৰ সম্পাদক কিৰণ বৰ্মাই কয় যে ট্ৰাইলত বেটিং, বলিং, ফিল্ডিঙৰ ওপৰত ভিত্তি কৰি খেলুৱৈৰ মূল্যায়ন কৰা হৈছিল। এই দলটোৱে আগন্তুক ১৯ বছৰ অনুৰ্ধ মহিলা চেলেঞ্জাৰ ট্ৰফী আৰু অন্যান্য বিচিচিআই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
উত্তৰাখণ্ডৰ ১৬ জনীয়া দলটোৰ অধিনায়ক হিচাপে ভূমি উমৰ আৰু উপ-অধিনায়ক হিচাপে পৰিগণিত হ’ব কণিকা। আন দলৰ সদস্যসকলৰ ভিতৰত ধৃতি অৰ্ণাল, সোনা, তনৱী জোমাৰ, কৰীনা, বৈশালী তিৱাৰী, নিৰ্জলা মেহৰা, ৰুদ্ৰ শৰ্মা, অনন্যা মেহৰা, উন্নাতি সিং, প্ৰিয়া ৰাজ, কৰুণা শেট্টী, নন্দিনী শৰ্মা, প্ৰীতি প্ৰজাপতি, কণিকা নেগী আৰু তমন্না।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
