ধৰ্মশালা, ০৭ অক্টোবৰ (হি.স.)। হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাই বি চি চি আই ভিনু মানকাদ ৱান ডে এলিট টুৰ্ণামেণ্টৰ বাবে ১৯ বছৰ অনুৰ্ধৰ পুৰুষৰ দল ঘোষণা কৰিছে। অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে আদিত্য কাটাৰিয়াক। প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ ত্ৰিপুৰাৰ বিৰুদ্ধে খেলিব হিমাচলে। সকলো খেল ডেৰাডুনত অনুষ্ঠিত হ’ব।
ইফালে হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাই ১৯ বছৰ অনুৰ্ধ পুৰুষৰ দল বাছনি কৰিছে। বিলাসপুৰৰ পৰা অহা আদিত্য কাটাৰিয়াক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত বিলাসপুৰৰ পৰা ঋষৱ ঠাকুৰ, হামিৰপুৰৰ পৰা অক্ষয় বশিষ্ঠ, কাংগৰাৰ পৰা অগ্ৰাইম চাম্বিয়াল, কাংগৰাৰ পৰা সোহাম মিশ্ৰ, কাংগৰাৰ পৰা সিদ্ধক ধিলন, কাংগৰাৰ পৰা অংশ ধীমান, কিন্নাউৰৰ পৰা অনিশ, কুল্লুৰ পৰা শচীন মেহতা, মাণ্ডীৰ পৰা লক্ষ্য ঠাকুৰ, শিমলাৰ পৰা সুজল ব্ৰটা, ছিৰমৌৰৰ পৰা জপনীত সিং, সোলনৰ পৰা জয়দিত্য ডোগ্ৰা, সোলনৰ পৰা নৌনিহাল, সোলনৰ পৰা কবীৰ সিং, আৰু উনাৰ পৰা অৰ্পিত সিং।
প্ৰশিক্ষক হিচাপে অংকিত আগৰৱালা, সহকাৰী প্ৰশিক্ষক হিচাপে ৰোহিত কলিয়া, ফিজিঅ’ হিচাপে মায়ংক বালাসুন্দৰাম, প্ৰশিক্ষক হিচাপে অংকুশ আদিত্য, ভিডিঅ’ এনালাইষ্ট হিচাপে সন্দীপ কুমাৰ, চাইড আৰ্ম হিচাপে সন্দীপ কুমাৰ, মেনেজাৰ হিচাপে বিবেক ধীমানক নিযুক্তি দিয়া হৈছে।
হিমাচলৰ খেলৰ কথা ক’বলৈ গ’লে ৯ অক্টোবৰত প্ৰথমখন মেচত হিমাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ মুখামুখি হ’ব। একেদৰে ১১ অক্টোবৰত দ্বিতীয়খন মেচত হিমাচলৰ বিৰুদ্ধে ছত্তীগড়, ১৩ অক্টোবৰত তৃতীয়খন মেচত চণ্ডীগড়, ১৫ অক্টোবৰত কৰ্ণাটক আৰু ১৭ অক্টোবৰত হায়দৰাবাদৰ বিৰুদ্ধে খেলিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
