লণ্ডন, ১১ জুলাই (হি.স.)। চেক গণৰাজ্যৰ কেটেৰিনা চিনিয়াকোভা আৰু নেদাৰলেণ্ডৰ ছেম ভাৰবেকে বৃহস্পতিবাৰে (স্থানীয় সময় অনুসৰি) উইম্বলডন ২০২৫ৰ মিক্সড ডাবলছৰ খিতাপ দখল কৰে । চূড়ান্ত খেলখনত ব্ৰিটেইনৰ জো চেলিছবেৰী আৰু ব্ৰাজিলৰ লুইছা ষ্টেফানীক ৭-৬ (৩), ৭-৬ (৩) পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে।
চেণ্টাৰ ক’ৰ্টত ঘৰুৱা খেলুৱৈ চেলিছবেৰী আৰু তেওঁৰ সংগী ষ্টেফানীৰ বিৰুদ্ধে খেলা এই মেচখনত চেক-ডাচ যুটিয়ে স্থিৰতা আৰু আত্মবিশ্বাস প্ৰদৰ্শন কৰে। দ্বিতীয় ছেটতো ষ্টেফানীৰ ভৰিৰ সমস্যা হোৱা যেন দেখা গৈছিল, যাৰ ফলত তেওঁৰ গতিবিধিৰ ওপৰত প্ৰভাৱ পৰিছিল।
জয়ৰ শেষ পইণ্টটো কেটেৰিনা চিনিয়াকোভাৰ অভাৰহেড স্মাছৰ সৈতে আহিছিল, তাৰ পিছত দুয়োজন খেলুৱৈয়ে খিতাপ জয়ৰ উদযাপন কৰে। দুয়োৰে একেলগে এইটোৱেই প্ৰথম খিতাপ জয়। ছিনিয়াকোভাৰ এইটোৱেই প্ৰথম মিক্সড ডাবলছ গ্ৰেণ্ড শ্লেম খিতাপ যদিও ৩১ বছৰীয়া ভাৰবেকৰ কেৰিয়াৰৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম খিতাপ।
খিতাপ জয় কৰাৰ পিছত ২৯ বছৰীয়া চিনিয়াকোভাই কয় যে, এয়া অতি বিশেষ। এই প্ৰতিযোগিতাত খেলি আৰু জয়ী হোৱাটো বহুত আনন্দ লাগিছিল। ই এক ডাঙৰ অভিজ্ঞতা আছিল।
মন কৰিবলগীয়া যে চলিত বৰ্ষৰ জানুৱাৰী মাহত টেইলৰ টাউনচেণ্ডৰ সৈতে জয়লাভ কৰা অষ্ট্ৰেলিয়ান অ’পেন মহিলা ডাবলছ খিতাপকে ধৰি ছিনিয়াকোভাৰ এতিয়া মুঠ ১১টা গ্ৰেণ্ড শ্লেম ডাবলছ খিতাপ লাভ কৰিছে।
সংগীক প্ৰশংসা কৰি ভাৰবেকে আৱেগিক শব্দৰে কয়, কেটেৰিনা, আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ সৈতে ক’ৰ্ট শ্বেয়াৰ কৰাটো মোৰ বাবে এক সন্মানৰ কথা। আপুনি ডাবলছৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ। আপুনি এই বৃহস্পতিবাৰক মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিন কৰি তুলিলে।
একে সময়তে পৰাজয়ৰ পিছত জো চেলিছবেৰীয়ে কয় যে, ফাইনেলত পৰাস্ত হোৱাটো সদায় দুখৰ কথা, কিন্তু তেওঁলোকে সুন্দৰ খেল খেলিছিল। দুয়োটা টাই ব্ৰেকাৰতে তেওঁলোকে আমাতকৈ ভাল বুলি প্ৰমাণিত হৈছিল।
এই খিতাপ লাভ কৰি চিনিয়াকোভা আৰু ভাৰবেকে প্ৰথমবাৰৰ বাবে মিক্সড ডাবলছৰ খিতাপ দখল কৰাই নহয়, উইম্বলডনৰ ইতিহাসত নিজৰ বাবে বিশেষ স্থান লাভ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
