টিৰানা, ১২ ছেপ্টেম্বৰ (হি.স.)। ইউৰোপীয় ফুটবল এছ’চিয়েশ্যনে ২০২৬-২৭ ছিজনৰ পুৰুষ আৰু মহিলা চেম্পিয়নছ লীগৰ ফাইনেল ক্ৰমে মাদ্ৰিদ আৰু ৱাৰ্ছত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে।
বৃহস্পতিবাৰে টিৰানাত ইউএফএৰ কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পুৰুষৰ ফাইনেল খেলখন স্পেইনৰ ৰাজধানী মাদ্ৰিদৰ এষ্টেডিঅ’ মেট্ৰ’পলিটানোত অনুষ্ঠিত হ’ব, যিটো এটলেটিকো মাদ্ৰিদৰ ঘৰুৱা খেলপথাৰ আৰু ২০১৯ চনত লিভাৰপুলে টটেনহাম হটস্পাৰক পৰাস্ত কৰি খিতাপ দখল কৰিছিল।
পোলেণ্ডৰ ৰাজধানী ৱাৰ্ছৰ নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলাৰ ফাইনেল। ইয়াৰ লগতে ইউএফএইও ঘোষণা কৰে যে অহা বছৰৰ ছুপাৰ কাপৰ মেচখন অষ্ট্ৰিয়াৰ ছালজবাৰ্গত অনুষ্ঠিত হ’ব।
ইউএফএৰ তথ্য অনুসৰি ২০২৬ চনৰ পুৰুষৰ চেম্পিয়নছ লীগৰ ফাইনেল বুডাপেষ্টৰ পুস্কাছ এৰিনাত অনুষ্ঠিত হ’ব আৰু মহিলাৰ ফাইনেল নৰৱেৰ অছল’ৰ উলেভাল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
