কাবুল, ০৬ আগষ্ট (হি.স.)। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডে পাকিস্তান আৰু ইউ এ ইৰ বিৰুদ্ধে আগন্তুক ত্ৰিকোণীয় শৃংখলাৰ বাবে ২২ জনীয়া এটা প্ৰাৰম্ভিক দল ঘোষণা কৰিছে। দলটোৰ কমাণ্ড তাৰকা লেগ স্পিনাৰ ৰছিদ খানৰ হাতত অৰ্পণ কৰা হৈছে। এই দলটোত আছে ৰহমানুল গুৰবাজ, ফজলহাক ফাৰুকী, আজমাতুল্লাহ উমৰজাই আৰু অভিজ্ঞ মহম্মদ নবীৰ দৰে বিশিষ্ট খেলুৱৈ।
২৯ আগষ্টত পাকিস্তানৰ বিৰুদ্ধে খেলৰ পৰা আৰম্ভ হ’ব ত্ৰিকোণীয় শৃংখলা। ইয়াৰ পূৰ্বে আফগানিস্তানৰ দলটোৱে দুসপ্তাহৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব। এই শৃংখলা আফগানিস্তানৰ বাবে আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।
আফগানিস্তানৰ প্ৰাৰম্ভিক দল
ৰছিদ খান (অধিনায়ক), ৰহমানুল্লাহ গুৰবাজ (উইকেটকীপাৰ), ছাদিকুল্লাহ অটল, ৱাফিউল্লাহ তাৰাখিল, ইব্ৰাহিম জাদ্ৰান, দৰৱেশ ৰছুলি, মহম্মদ ইছহাক, মহম্মদ নবী, নংগিয়াল খাৰোতি, শৰাফুদ্দিন আশ্ৰফ, কৰিম জান্নাত, আজমতুল্লাহ উমৰজাই, গুলবাদিন নাইব, মুজেব জাদ্ৰান, এ এম গাজানফৰ, নূৰ আহমদ, ফজলহাক ফাৰুকী, নবীন উল হক, ফৰিদ মালিক, চেলিম ছাফি, আব্দুল্লা আহমদজাই আৰু বছিৰ আহমেদ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
