গোলাঘাট, ২৪ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত আকৌ জিলিকি উঠিল সৰুপথাৰ সমজিলা ৷ যোৱা ১৯ জুনৰ পৰা ২২ জুনলৈ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা ইণ্ডো-নেপাল আন্তৰ্জাতিক গেমচত কিক বক্সিং আৰু টাইকোৱান্দো প্ৰতিযোগিতাত অসমৰ পৰা গৈ ভাৰতীয় দল হিচাপে় প্ৰতিনিধিত্ব কৰি ৫ টা সোণৰ পদক আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
প্ৰশিক্ষক গোলাপ দৈমাৰীৰ নেতৃত্বত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰা বৰপথাৰৰ দিক্ষীত কুমাৰে কিক বক্সিঙত ৬০ কেজি শাখাত সোণৰ পদক, নাং চেন চিৰিং এ জুনিঅৰ শাখাৰ সোণৰ পদক, নবীন প্ৰধানে ৩৫ কেজি শাখাত সোণৰ পদক, পৰীক্ষিত শইকীয়াই ৰূপৰ পদক লাভ কৰাৰ লগতে টাইকোৱাণ্ডোত দয়াশ্ৰী নাৰ্জাৰীয়ে সোণৰ পদক কঢ়িয়াই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
আজি পুৱা বৰপথাৰ ৰে’ল ষ্টেচনত আটছা বৰপথাৰ শাখা, শুভাকাংক্ষী তথা পৰিয়ালবৰ্গই খেলুৱৈ তথা প্ৰশিক্ষকক উষ্ম আদৰণি জনায়। উল্লেখযোগ্য যে, নেপালত কৰা ভাল প্ৰদৰ্শনৰ বাবে অহা ডিচেম্বৰত থাইলেণ্ডত খেলিবলৈ যাবলৈ সাজু হৈছে দলটো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
