নতুন দিল্লী। ৰবীন্দ্ৰ জাদেজাৰ অল ৰাউণ্ড খেলৰ বলত চেন্নাই ছুপাৰকিংছে আই পি এল মেচত পঞ্জাব কিংছক ২৮ ৰাণত পৰাস্ত কৰি প্লে অফত প্ৰৱেশৰ আশাক অধিক শক্তিশালী কৰি তুলিলে। ৩টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ২৬টা বলত ৪৩ ৰান সংগ্ৰহ কৰাৰ পাছত জাদেজাই চাৰি অভাৰত মাত্ৰ ২০ ৰান খৰচ কৰি ৩টা উইকেট দখল কৰে, যাৰ বাবেই পঞ্জাৱৰ বিৰুদ্ধে একেৰাহে ৫টা পৰাজয়ৰ পাছত চি এছ কেয়ে জয়ৰ সোৱাদ লয়। ১১খন মেচত ষষ্ঠবাৰৰ বাবে জয়লাভ কৰি চি এছ কেয়ে টেবুলৰ শীৰ্ষ চাৰিটা স্থানলৈ ঘূৰি অহাৰ বিপৰীতে ১১খন মেচত সপ্তমখন পৰাজয়ৰ পিছত পঞ্জাৱৰ প্লে অফত প্ৰৱেশৰ আশাই ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় জাডেজা। ইয়াৰ লগে লগে জাদেজাই সহযোগী খেলুৱৈ এম এছ ধোনিৰ ডাঙৰ অভিলেখ ভংগ কৰে।
প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা চি এছ কেয়ে ৯ উইকেটত ১৬৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছতে পঞ্জাৱৰ ইনিংছ ৯ উইকেটত ১৩৯ ৰানত সীমাবদ্ধ কৰি ৪ দিন পূর্বে দলটোৱে ভুগিবলগীয়া পৰাজয়ৰ সমতা স্থাপন কৰে৷ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি থকাৰ সময়তে ১৬ সংখ্যক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ৰবীন্দ্ৰ জাডেজা। এজন চি এছ কে খেলুৱৈৰ বাবে এইটোৱেই সৰ্বোচ্চ। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল মহেন্দ্ৰ সিং ধোনিৰ নামত যিজনে চি এছ কেৰ হৈ ১৫ বাৰকৈ খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। এই তালিকাত জাদেজা আৰু ধোনিৰ পিছতে তৃতীয় স্থানত আছে সুৰেশ ৰাইনা। ৰাইনাই চি এছ কেৰ হৈ খেলি ১২ বাৰ এই বঁটা লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ চি এছ কেৰ অধিনায়ক ৰুতুৰাজ গাইকৱাদে ১১ বাৰ আৰু মাইকেল হাছেই ১০ বাৰ এই বঁটা লাভ কৰিছে।
ৰবীন্দ্ৰ জাদেজাই ক’লে- আমি ১৫-২০ ৰান কম কৰিলোঁ
পঞ্জাৱ কিংছৰ বিৰুদ্ধে ২৮ ৰানৰ জয় পঞ্জীয়ন কৰাৰ পাছত জাদেজাই তেওঁৰ দলটোৱে ১৫-২০ ৰান কম বুলি কয় যদিও দলটোৰ অনুশাসিত বলিঙৰ প্ৰশংসা কৰে। প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰবীন্দ্ৰ জাদেজাই কয়, ‘আমি ভাবিছিলো যে স্ক’ৰত ১৫-২০ ৰান কম কৰিলোঁ যদিও পাৱাৰপ্লে আৰু মিডল অভাৰত আমি লুজ বল বল কৰা নাছিলো। পাৱাৰপ্লে’ত বেষ্ট বলাৰসকলে ভাল বলিং কৰিছিল। তুষাৰ দেশপাণ্ডে দুটা গুৰুত্বপূৰ্ণ উইকেট লয় আৰু তাৰ পিছত মিচেল ছাণ্টনাৰ আৰু মইও মিডল অভাৰত ভাল বলিং কৰিলোঁ।
জাদেজাই ৪৩ ৰান সংগ্ৰহ কৰাৰ লগতে ৩টা উইকেটো দখল কৰে
পঞ্জাৱ কিংছে অবিৰতভাৱে উইকেট লোৱাৰ সময়ত জাদেজাই ২৬ বলত ৪৩ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। জাদেজাই কয়, ‘এয়া দিনৰ মেচ আছিল গতিকে উইকেটটো লেহেমীয়া আছিল। বহুত গৰম হোৱাৰ বাবে আশা সদায়ৰ দৰেই আছিল। পাৱাৰপ্লেত পিটচ সদায় সমতল দেখা যায়। কিন্তু যেতিয়া বলটো পুৰণি হৈ যায় তেতিয়া বেটত নাহে। নতুন ঠাইত খেলিলে বলটো কিমান ঘূৰিব বা ৰৈ যাব নাজানে।
