-অভিষেক টেষ্ট ৰাজকোটত ছাৰফৰাজৰ অৰ্ধশতক অৰ্জন
ৰাজকোট, ফেব্ৰুৱাৰী : অধিনায়ক ৰোহিত শৰ্মা (১৩১) আৰু ৰবীন্দ্ৰ জাদেজা (১১০ অপৰাজিত)ৰ উৎকৃষ্ট শতকৰ বাবেই ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা তৃতীয়খন টেষ্ট মেচৰ প্ৰথম দিনৰ শেষত ভাৰতে ৫ উইকেটত ৩২৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। জাদেজাই ১১০ ৰানত খেলি আছে আৰু নাইট ৱাচমেন কুলদীপ যাদৱে ১ ৰান সংগ্ৰহ কৰিছে। ৰোহিত আৰু জাদেজাৰ উপৰিও প্ৰথম টেষ্ট খেলি সৰফৰাজ খানে উৎকৃষ্ট অৰ্ধশতক অৰ্জন কৰি ৬২ ৰান সংগ্ৰহ কৰে। খেলখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
ভাৰতৰ আৰম্ভণি বেয়া আছিল আৰু যশস্বী জয়ছৱাল (১০), শুভমান গিল (০০) আৰু ৰজত পাটিদাৰ (০৫) মুঠ মাত্ৰ ৩৩ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিছিল। ইয়াৰ পৰাই অধিনায়ক ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজাই চতুৰ্থ উইকেটৰ বাবে ২০৪ ৰানৰ অংশীদাৰিত্বৰে ভাৰতক পুনৰ মেচলৈ আনে। ইয়াৰ মাজতে অধিনায়ক ৰোহিতে শতক সম্পূৰ্ণ কৰিলে। কিন্তু ১৩১ ৰানৰ উজ্জ্বল শতক খেলাৰ পাছত মাৰ্ক উডৰ বলৰ পৰা বেন ষ্ট’কেছে মুঠ ২৩৭ ৰান সংগ্ৰহ কৰে।
ইয়াৰ পিছত সৰফৰাজ খান আৰু জাদেজাই পঞ্চম উইকেটৰ বাবে ৭৭ ৰানৰ অংশীদাৰিত্ব কৰি ভাৰতৰ স্ক’ৰ ৩১৪ ৰানলৈ বৃদ্ধি কৰে। কিন্তু যেতিয়া জাদেজাই ৯৯ ৰান সংগ্ৰহ কৰিছিল তেতিয়া ভুল বুজাবুজিৰ বাবে সৰফৰাজ খান ৰান আউট হৈছিল। আউট হোৱাৰ পূৰ্বে ছাৰফৰাজে ১ ছয় আৰু ৯ চাৰিৰ সহায়ত ৬৬টা বলত ৬২ ৰানৰ উজ্জ্বল অৰ্ধশতক অৰ্জন কৰে। ছাৰফৰাজ আউট হোৱাৰ পিছত জাদেজাই নিজৰ শতক সম্পূৰ্ণ কৰে। দিনটোৰ খেলৰ শেষত কুলদীপ যাদৱে ১ ৰানত অপৰাজিত হৈ থাকে আৰু জাদেজা ১১০ ৰানত অপৰাজিত হৈ থাকে। ইংলেণ্ডৰ হৈ মাৰ্ক উডে ৩টা আৰু টম হাৰ্টলীয়ে ১টা উইকেট দখল কৰে।
