ভালচেন (ট্ৰিনিদাদ), ০৬ অক্টোবৰ (হি.স.)। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰ বাৰ্নাৰ্ড জুলিয়েনৰ ৭৫ বছৰ বয়সত মৃত্যু হৈছে। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰ তথা ১৯৭৫ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য বাৰ্নাৰ্ড জুলিয়েনে ৱেষ্ট ইণ্ডিজৰ হৈ ২৪খন টেষ্ট আৰু ১২খন ৱান ডে ইণ্টাৰনেশ্যনেল খেলিছিল।
১৯৭৫ চনৰ উদ্বোধনী বিশ্বকাপত জুলিয়ানে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। শ্ৰীলংকাৰ বিৰুদ্ধে ৪ উইকেটত ২০ ৰান, নিউজিলেণ্ডৰ বিৰুদ্ধে ৪ উইকেটত ২৭ ৰান আৰু ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩৭ টা বলত ২৬ ৰান কৰি গুৰুত্বপূৰ্ণ ন’ক খেলিছিল। বাওঁহাতৰ দ্ৰুত বলিং, উৎকৃষ্ট ষ্ট্ৰ’কপ্লে, আৰু সজীৱ ফিল্ডিঙৰ বাবে তেওঁ পৰিচিত আছিল।
ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অধিনায়ক ক্লাইভ লয়ডে তেওঁক ১৯৭৫ চনৰ বিজয়ী দলটোৰ এক মূল স্তম্ভ বুলি অভিহিত কৰিছিল। তেওঁ এটা বিবৃতিত কয়, তেওঁ সদায় নিজৰ শ্ৰেষ্ঠখিনি দিছিল। মই কেতিয়াও তেওঁক দায়িত্বৰ পৰা আঁতৰি থকা দেখা নাছিলো। তেওঁ আছিল এজন প্ৰকৃত দলীয় খেলুৱৈ, যাৰ ওপৰত মই সদায় নিৰ্ভৰ কৰিব পাৰিছিলো—বেট আৰু বল দুয়োটাৰে সৈতে। তেওঁ আছিল সঁচাকৈয়ে এজন অসাধাৰণ ক্ৰিকেটাৰ।
লৰ্ডছতো জুলিয়ানে স্মৰণীয় প্ৰদৰ্শন আগবঢ়াইছিল, ১৯৭৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে মেচ বিজয়ী ১২১ ৰান সংগ্ৰহ কৰিছিল আৰু পিছৰ বছৰ একেটা দলৰ বিৰুদ্ধে ৫টা উইকেট দখল কৰিছিল।
লয়ডে লগতে কয়, আমি সকলোৱে তেওঁক অসীম সন্মান কৰিছিলো। তেওঁক সকলোৱে ভাল পাইছিল। লৰ্ডছত টেষ্টত জয়ী হোৱাৰ পিছত আমি বহুদিনলৈ দৰ্শকৰ বাবে অটোগ্ৰাফত চহী কৰিছিলো—সেয়া আমাৰ বাবে আছিল এক গৌৰৱৰ মুহূৰ্ত।
১৯৭০ চনৰ পৰা ১৯৭৭ চনলৈকে ইংৰাজী কাউন্টি দল কেণ্টৰ হৈও খেলিছিল জুলিয়ানে। কিন্তু ১৯৮২-৮৩ চনত বৰ্ণবৈষম্যৰ যুগত দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰা বিদ্ৰোহী ৱেষ্ট ইণ্ডিজ দলত অংশগ্ৰহণ কৰাৰ লগে লগে তেওঁৰ কেৰিয়াৰ স্তব্ধ হৈ পৰে।
ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি ড০ কিশোৰ শ্বেল’ৱে শোক প্ৰকাশ কৰি কয় যে, আমি বাৰ্নাৰ্ড জুলিয়েনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়তো আমি সেই যুগটোক বুজাবুজি আৰু অন্তৰ্ভুক্তিৰ মনোভাৱেৰে মনত ৰাখিব লাগিব। তেওঁৰ জীৱনটোৱে প্ৰতীক যে উদ্দেশ্যপ্ৰণোদিত জীৱন কেতিয়াও শেষ নহয়।
তেওঁ লগতে কয়, বাৰ্নাৰ্ড জুলিয়েনৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকললৈ আমাৰ গভীৰ সমবেদনা। ৱেষ্ট ইণ্ডিজ ক্ৰিকেট পৰিয়ালে তেওঁৰ অৱদানক সদায় মনত ৰাখিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
