কেনিংটন অভেল (লণ্ডন), ০৩ আগষ্ট (হি.স.)। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা পঞ্চমখন টেষ্ট মেচখনে তৃতীয় দিনাৰ খেলৰ অন্তত এক ৰোমাঞ্চকৰ ৰূপ ধাৰণ কৰিছে। ইংলেণ্ডৰ সন্মুখত ভাৰতে ৩৭৪ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডে ষ্টাম্পলৈকে ০১ উইকেট হেৰুৱাই ৫০ ৰান সংগ্ৰহ কৰিছে। এতিয়া ইংলেণ্ডক জয়ী হ’বলৈ আৰু ৩২৪ ৰানৰ প্ৰয়োজন হোৱাৰ বিপৰীতে ভাৰতক ৯টা উইকেটৰ প্ৰয়োজন।
তৃতীয় দিনা ইংলেণ্ডৰ দ্বিতীয় ইনিংছত মাত্ৰ ১৩.৫ অভাৰহে খেলিব পৰা গ’ল। মহম্মদ ছিৰাজে জেক ক্ৰ’লি (১৪ ৰান)ক আউট কৰি ইংলেণ্ডক প্ৰথমটো আঘাত দিয়ে। বেন ডাকেটে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰি আছে আৰু ৪৮টা বলত ৩৪ ৰান কৰি অপৰাজিত হৈ আছে।
ভাৰতীয় দলৰ দ্বিতীয় ইনিংছৰ আৰম্ভণি ভাল নহ’ল। কে এল ৰাহুল (৭ ৰান) আৰু ছাই সুদৰ্শন (১১ ৰান) সোনকালে পেভিলিয়নলৈ উভতি আহে। কিন্তু ইয়াৰ পিছত যশস্বী জয়ছোৱাল আৰু নৈশ সতীৰ্থ হিচাপে অহা আকাশদীপে দায়িত্ব ল’লে। জয়ছোৱালে ১৬৪টা বলত ১১৮ ৰান সংগ্ৰহ কৰে য’ত ১৪টা চাৰি আৰু ২টা ছয় অন্তৰ্ভুক্ত। আকাশদীপে ৬৬ ৰান (৯৪ বল, ১২ চাৰি)ৰে সুন্দৰ ইনিংছ খেলি টেষ্ট কেৰিয়াৰৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে।
ইয়াৰ পিছত শুভমন গিল (১১) আৰু কৰুণ নায়াৰ (১৭) সস্তাতে আউট হয়। দলটোৰ স্ক’ৰ আছিল ২২৯/৫। ইয়াৰ পৰা ৰবীন্দ্ৰ জাদেজাই ৭৭টা বলত ৫৩ ৰান (৫ চাৰি) অৰ্ধশতকীয় ইনিংছ খেলিছিল। ধ্ৰুৱ জুৰেলেও ৩৪ ৰান সংগ্ৰহ কৰে। শেষত ৱাশ্বিংটন সুন্দৰে দৰ্শনীয় বেটিং কৰি মাত্ৰ ৪৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে, য’ত ৪টা চাৰি আৰু ৪টা ছয় অন্তৰ্ভুক্ত। তেওঁৰ এই ইনিংছে ভাৰতক সন্মানজনক অগ্ৰগতি প্ৰদান কৰে।
ইংলেণ্ডৰ হৈ জোছ টংগুৱে ১২৫ ৰানত ৫টা উইকেট দখল কৰাৰ বিপৰীতে গাছ এচিনছনে ৩টা আৰু জেমী অভাৰটনে ২টা উইকেট দখল কৰে। আঘাতৰ বাবে এই মেচখনত ক্ৰীছ ৱ’কেছে বলিং কৰিব নোৱাৰিলে, যাৰ বাবে ইংলেণ্ডৰ বলিং দুৰ্বল যেন দেখা গ’ল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
