নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে সোমবাৰে এদিনীয়া দলৰ অধিনায়কৰ পদৰ পৰা মহম্মদ ৰিজৱানক অপসাৰণ কৰি বেগী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদিক নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়ে। ৰাৱালপিণ্ডিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচখনৰ প্ৰথম দিনটোৰ পিছতে এই ঘোষণা কৰা হৈছে। এই মেচখনত ৰিজৱান (৩৩) আৰু আফ্ৰিদি (২৫) দুয়োজনেই খেলি আছে।
পিচিবিৰ বিবৃতিত ৰিজৱানৰ নাম উল্লেখ কৰা হোৱা নাই, লগতে তেওঁক অপসাৰণৰ আনুষ্ঠানিক কাৰণো উল্লেখ কৰা হোৱা নাই। ব’ৰ্ডে কেৱল কয় যে ইছলামবাদত বাছনি সমিতি আৰু দলটোৰ হোৱাইট বল প্ৰশিক্ষক মাইক হেছনৰ মাজত হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।
দৰাচলতে যোৱা সপ্তাহত দিয়া এক বিবৃতিত পিচিবিয়ে স্পষ্টভাৱে উল্লেখ কৰা নাছিল যে দক্ষিণ আফ্ৰিকা ভ্ৰমণত ৰিজৱান এদিনীয়া শৃংখলাৰ অধিনায়ক হৈ থাকিব। বৰঞ্চ ব’ৰ্ডে কয় যে হেছনে পিচিবিৰ অধ্যক্ষ মহছিন নাকভিক এখন সভা আহ্বান কৰি নতুন অধিনায়ক নিৰ্বাচন কৰিবলৈ অনুৰোধ জনাইছিল।
সূত্ৰ অনুসৰি এই সিদ্ধান্ত কেৱল প্ৰশিক্ষকৰ পৰামৰ্শ মতেই নহয় ব’ৰ্ডৰ উচ্চতম পৰ্যায়ৰ ব্যাপক সমৰ্থনত গ্ৰহণ কৰা হৈছে।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ জানুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ অধিনায়কত্ব কৰিছিল শ্বাহীন আফ্ৰিদীয়ে যদিও তেওঁৰ কাৰ্যকাল সফল নহ’ল। সেই শৃংখলাত পাকিস্তানে ৪-১ গ’লত পৰাস্ত হৈছিল আৰু পৰৱৰ্তী সময়ত অধিনায়কৰ পদৰ পৰা আঁতৰাই পেলাইছিল। ইয়াৰ পিছতে বাবৰ আজমে টি-২০ দলৰ দায়িত্ব লয়।
বৰ্তমান পাকিস্তানে তিনিওটা ফৰ্মেটতে বেলেগ বেলেগ অধিনায়ক থকাৰ নীতি মানি চলিছে। যোৱা বছৰ ৰিজৱানক এদিনীয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁৰ নেতৃত্বত পাকিস্তানে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাত শৃংখলা জয় কৰিছিল যদিও বিশেষকৈ ঘৰুৱা চেম্পিয়নছ ট্ৰফীৰ প্ৰথম ৰাউণ্ডৰ পৰা লজ্জাজনকভাৱে বাহিৰ হোৱাৰ পিছত এইবাৰৰ প্ৰদৰ্শন হ্ৰাস পাইছে।
যদিও ৰিজৱানৰ ব্যক্তিগত প্ৰদৰ্শন সন্তোষজনক—পাকিস্তানৰ শীৰ্ষ স্ক’ৰাৰসকলৰ ভিতৰত তেওঁ আছে আৰু গড়ে প্ৰায় ৪২ ৰান সংগ্ৰহ কৰিছে।
ইফালে শ্বাহীন আফ্ৰিদিৰ ফৰ্ম উৎকৃষ্ট। যোৱা বছৰ তেওঁ আছিল পাকিস্তানৰ সৰ্বাধিক উইকেট দখলকাৰী। দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত ছিৰিজ জয়ৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০২৩ চনৰ বিশ্বকাপৰ পিছত কোনো ফুল মেম্বাৰ দেশৰ কোনো বেগী বলাৰ ৪৫ উইকেটৰ কাষ চাপিব পৰা নাই।
শ্বাহীন আফ্ৰিদিৰ অধিনায়কত্বত পাকিস্তানৰ প্ৰথমখন এদিনীয়া শৃংখলা অহা মাহত ফৈছালাবাদত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলা অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
