চেন্নাই, ২৬ জুন (হি.স.)। মেয়ৰ ৰাধাকৃষ্ণন হকী ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা প্ৰথম মহিলা হকী ইণ্ডিয়া মাষ্টাৰছ কাপ ২০২৫ত ফাইনেলৰ ছবিখন স্পষ্ট হৈ পৰিছে। হকী এছ’চিয়েশ্যন অৱ ওডিশা আৰু হকী পঞ্জাবে ছেমি ফাইনেলত এক দৰ্শনীয় জয় পঞ্জীয়ন কৰি খিতাপৰ মেচখনত নিজৰ স্থান নিশ্চিত কৰিছে। এতিয়া ব্ৰঞ্জৰ পদকৰ বাবে মুখামুখি হ’ব হকী হাৰিয়ানা আৰু তামিলনাডুৰ হকী ইউনিট।
শক্তিশালী প্ৰদৰ্শনেৰে ওডিশাই ফাইনেলত প্ৰৱেশ কৰে
প্ৰথমখন ছেমি ফাইনেলত হকী এছ’চিয়েশ্যন অৱ ওড়িশাই এক উজ্জ্বল খেল প্ৰদৰ্শন কৰি তামিলনাডুৰ হকী ইউনিটক ৪-১ গ’লত পৰাস্ত কৰে। ওডিছাৰ অধিনায়ক লুচেলা এক্কাই (৪’, ২৫’) দুটা উৎকৃষ্ট ফিল্ড গ’ল দি নিজৰ দলটোক শক্তিশালী আৰম্ভণি কৰে। তেওঁৰ লগতে সৰিতা ৰোশন মিঞ্জ (৯’) আৰু অসীমা সঞ্জয় মিঞ্জ (৩০’)য়েও গ’ল দি জয় একপক্ষীয় কৰি তুলিছে। তামিলনাডুৰ একমাত্ৰ গ’লটো পেনাল্টি কৰ্ণাৰেৰে সৌম্যই (৩৪’) দিয়ে।
এক ৰোমাঞ্চকৰ খেলত হাৰিয়ানাক পৰাস্ত কৰে পঞ্জাবে
দ্বিতীয়খন ছেমি ফাইনেলত হকী পঞ্জাবে অতি ৰোমাঞ্চকৰ খেলত হকী হাৰিয়ানাক ৩-২ গ’লত পৰাস্ত কৰি ফাইনেলৰ টিকট নিশ্চিত কৰে। সোণিকা যাদৱে (১১’) হাৰিয়ানাক আগতীয়াকৈ অগ্ৰগতি দিছিল যদিও পেনাল্টি কৰ্ণাৰত পঞ্জাৱৰ মীনাক্ষীয়ে (১৮’) সমতা স্থাপন কৰে। তৃতীয় কোৱাৰ্টাৰত নিশি শিবেন্দ্ৰ সিঙে (৩৮’) হাৰিয়ানাক পুনৰ অগ্ৰগতি প্ৰদান কৰে যদিও পঞ্জাবে পুনৰ ঘূৰি আহে। পেনাল্টি কৰ্ণাৰত বলজীত কৌৰ মাৰাৰে (৪৪’) সমতা স্থাপন কৰে আৰু তিনি মিনিটৰ পাছত সংগীতা মিঞ্জে (৪৭’) ফিল্ড গ’ল দি পঞ্জাৱক নিৰ্ণায়ক অগ্ৰগতি প্ৰদান কৰে।
এতিয়া ২৭ জুনত হকী এছ’চিয়েশ্যন অৱ ওডিশা আৰু হকী পঞ্জাৱৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন। আনহাতে তৃতীয় স্থানৰ বাবে হকী হাৰিয়ানা আৰু তামিলনাডুৰ হকী ইউনিটৰ মাজত মুখামুখি হ’ব।
২৭ জুন ২০২৫ তাৰিখ শুকুৰবাৰৰ সময়সূচী:
তৃতীয় স্থানৰ খেল: হকী হাৰিয়ানা বনাম তামিলনাডুৰ হকী ইউনিট – পুৱা ০৬:০০ বজাত
চূড়ান্ত খেল: হকী এছ’চিয়েচন অৱ ওড়িশা বনাম হকী পঞ্জাব – ০২:০০ বজাত
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
