-মান্ধানা আৰু প্ৰতিকাৰ ইনিংছে ক্ৰীড়া প্ৰেমীক দিলে আনন্দ
মুম্বাই, ২৪ অক্টোবৰ (হি.স.)। বৃহস্পতিবাৰে মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বৰ্ষা বিঘ্নিত ডি এল এছ পদ্ধতিৰে নিউজিলেণ্ডক ৫৩ ৰানত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
প্ৰথমে বেটিং কৰি ভাৰতে তিনিটা উইকেট হেৰুৱাই ৪৯ অভাৰত মুঠ ৩৪০ ৰান সংগ্ৰহ কৰিছিল। অ’পেনাৰ স্মৃতি মান্ধনাই ৯৫টা বলত ১০টা চাৰি আৰু চাৰিটা ছয়কে ধৰি ১০৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে প্ৰতীকা ৰাৱালে ১৩৪টা বলত ১৩টা চাৰি আৰু দুটা ছয়ৰে ১২২ ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। দুয়োজনে ২১২ ৰানৰ বিশাল মুকলি অংশীদাৰিত্ব ভাগ কৰি দলটোক এক বৃহৎ স্কোৰলৈ লৈ যায়।
ইয়াৰ উত্তৰত নিউজিলেণ্ডে ৪৪ অভাৰত ৩২৫ ৰানৰ সংশোধিত লক্ষ্য লাভ কৰে। দলটোৱে মাত্ৰ ২৭১ ৰানহে কৰিবলৈ সক্ষম হয়। ব্ৰুক হেলিডেই ৮১ ৰান, ইছাবেল গেজে অপৰাজিত ৬৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰেনুকা সিং আৰু ক্ৰান্তি গৌডে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে স্নেহ ৰাণা, শ্ৰী চৰাণী, দীপ্তি শৰ্মা আৰু প্ৰতিকা ৰাৱালে এটাকৈ উইকেট দখল কৰে।
এই জয়েৰে ভাৰতে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেল খনত মান্ধনা আৰু প্ৰতিকাৰ চমকপ্ৰদ ইনিংছে ভাৰতীয় দৰ্শকক মোহিত কৰে। অধিনায়ক আৰু দলৰ প্ৰদৰ্শনে পুনৰবাৰ টিম ইণ্ডিয়াৰ ক্ৰমবৰ্ধমান শক্তি আৰু বিশ্বকাপত তেওঁলোকৰ দৃঢ় দাবী প্ৰদৰ্শন কৰিলে।
हिन्दुस्थान समाचार / অৰৱিন্দ
