লিভাৰপুল, ০৬ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় দিনটোত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। পুৰুষৰ ৭৫ কেজি শাখাত সুমিত কুণ্ডু আৰু মহিলাৰ ৬৫ কেজি শাখাত নীৰজ ফোগাটে জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। একে সময়তে মহিলা বক্সাৰ জেচমিনেও ৫৭ কেজি শাখাত এক উজ্জ্বল জয়ৰে শেষ ১৬ ৰাউণ্ডত প্ৰৱেশ কৰে।
জৰ্ডানৰ মহম্মদ আলহুছেইনক ৫-০ গ’লত পৰাস্ত কৰে সুমিটে। দুবছৰৰ পাছত এখন ডাঙৰ প্ৰতিযোগিতালৈ ঘূৰি অহা সুমিতে মেচখন আক্ৰমণাত্মকভাৱে খেলিছিল আৰু অহৰহ হেঁচা প্ৰয়োগ কৰিছিল আৰু চমকপ্ৰদ প্ৰদৰ্শনৰে প্ৰতিপক্ষক প্ৰহাৰ কৰিছিল। এতিয়া সুমিতৰ পৰৱৰ্তী মেচ হ’ব পেৰিছ অলিম্পিয়ান বুলগেৰিয়াৰ ৰামি কিভানৰ বিৰুদ্ধে।
কঠিন খেলত ফিনলেণ্ডৰ ক্ৰীষ্টা কোভালাইনেনক ৩-২ ব্যৱধানত পৰাস্ত কৰে নীৰজ ফ’গাটে। প্ৰথম ৰাউণ্ডত নীৰজে উজ্জ্বল হেড শ্বট দিছিল যদিও দ্বিতীয় ৰাউণ্ডত ক্ৰীষ্টাই কামবেক কৰিছিল। তৃতীয় আৰু নিৰ্ণায়ক ৰাউণ্ডত অগ্ৰগতি বজাই ৰাখি ইংলেণ্ডৰ ছাচা হিকিৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে নীৰজে।
পেৰিছ অলিম্পিয়ান তথা বিশ্ব বক্সিং কাপৰ স্বৰ্ণ পদক বিজয়ী জেছমিনে ইউক্ৰেইনৰ ডাৰিয়া-অলহা হুটাৰিনাক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰথম ৰাউণ্ডত লাহে লাহে আৰম্ভণি কৰাৰ পিছত জেচমিনে ছন্দ ধৰি শক্তিশালী ঘুষিৰে জয় নিশ্চিত কৰে। এতিয়া ২০২৩ চনৰ পেন আমেৰিকান গেমছৰ চেম্পিয়ন ব্ৰাজিলৰ জুছলিলন চেৰকেইৰাৰ বিৰুদ্ধে খেলিব।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বিশ্ব যুৱ স্বৰ্ণ পদক বিজয়ী ছানমাচাই (৭০ কেজি) ডেনমাৰ্কৰ দিটি ফ্ৰষ্টহলমক ৪-১ ব্যৱধানত পৰাস্ত কৰে। এতিয়া কাজাখস্তানৰ নাটালিয়া বগডানোভাৰ বিৰুদ্ধে খেলিব।
অৱশ্যে পুৰুষৰ ৯০ কেজি শাখাত ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। পোলেণ্ডৰ আদম টুটাকৰ হাতত পৰাস্ত হৈ উদ্বোধনী ৰাউণ্ডত বাহিৰ হ’ল হৰ্ষ চৌধাৰী। তৃতীয় ৰাউণ্ডত ৰেফাৰীয়ে খেলখন বন্ধ কৰি হৰ্ষৰ পৰাজয় ঘোষণা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
