— চীনত অনুষ্ঠিত এছিয়ান যুৱ মহিলা হেণ্ডবল চেম্পিয়নশ্বিপ
বাৰাণসী, ২৫ জুলাই (হি.স.)। উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাৰ এগৰাকী প্ৰতিভাৱান হেণ্ডবল খেলুৱৈ নৈ়না যাদৱক বৃহস্পতিবাৰে সন্ধিয়া চীনৰ জিংহাংছান চহৰত অনুষ্ঠিত একাদশ এছিয়ান যুৱ মহিলা হেণ্ডবল চেম্পিয়নশ্বিপ ২০২৫ত সৰ্বাধিক মূল্যৱান খেলুৱৈ হিচাপে ঘোষণা কৰা হয়। নৈনা যাদৱ ভাৰতীয় দলৰ উপ অধিনায়কো। বাৰাণসীৰ কোমল ৰায়েও একেখন প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছে। দুয়োগৰাকী খেলুৱৈৰ উৎকৃষ্ট প্ৰদৰ্শনক লৈ তেওঁলোকৰ প্ৰশিক্ষক আৰু পৰিয়ালৰ সদস্যই আনন্দ প্ৰকাশ কৰিছে। দুয়োগৰাকী খেলুৱৈ ইয়াৰ পৰমানন্দপুৰত অৱস্থিত বিকাশ ইণ্টাৰ কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰী । মহাবিদ্যালয়ৰ অধ্যক্ষ ড° এ. সিঙে এই তথ্য দিছে।
তেওঁ দুয়োগৰাকী খেলুৱৈৰ লগতে সমগ্ৰ ভাৰতীয় দলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনাইছে। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ বাবু আৰ এন সিং ক্ৰীড়া কমপ্লেক্স পৰমানন্দপুৰত ড০ আশা সিঙৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰে। উল্লেখ্য যে গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ দুয়োগৰাকী কন্যাই প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা হেণ্ডবল দলত অংশগ্ৰহণ কৰিছে। দুয়োৰে পিতৃ ৰাজমিস্ত্ৰী (বিল্ডিং নিৰ্মাণ শ্ৰমিক)ৰ কাম কৰে, যিয়ে নিজৰ পৰিয়ালৰ দায়িত্বৰ লগতে কন্যা সন্তানৰ সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে। নৈনা আৰু কোমালে চীনত সৰ্বোত্তম প্ৰদৰ্শন কৰি দেশৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সতীৰ্থ খেলুৱৈৰ লগতে পৰিয়ালৰ সদস্যসকল আশাবাদী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
