নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। প্ৰখ্যাত টেনিছ খেলুৱৈ জানিক ছিনাৰে এইবাৰৰ ডেভিছ কাপৰ ফাইনেলত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। ডিফেণ্ডিং চেম্পিয়ন ইটালীয়ে সোমবাৰে নিজৰ দল ঘোষণা কৰাৰ সময়ত তেওঁৰ অনুপস্থিতি নিশ্চিত কৰে। এই প্ৰতিযোগিতাত স্পেইনক প্ৰতিনিধিত্ব কৰিব বিশ্বৰ ১ নং খেলুৱৈ কাৰ্লোছ আলকাৰাজে।
বৰ্তমান বিশ্বৰ দ্বিতীয় স্থানত থকা ছিনাৰে যোৱা বছৰ স্পেইনত ইটালীয়ে খিতাপ জয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱশ্যে এইবাৰ তেওঁ ১৮ৰ পৰা ২৩ নৱেম্বৰৰ ভিতৰত ইটালীৰ ব’ল’গনাত অনুষ্ঠিত হ’বলগীয়া ফাইনেল ৮ত তেওঁ নেখেলে।
ইটালীৰ অধিনায়ক ফিলিপো ভ’লেণ্ড্ৰিয়ে কয় যে, জানিক ছিনাৰে ২০২৫ চনৰ বাবে নিজৰ উপলব্ধতা নিশ্চিত কৰা নাই। ডেভিছ কাপ সদায় তেওঁৰ ঘৰ হ’ব, আৰু মই নিশ্চিত যে তেওঁ অতি সোনকালে দলৰ অংশ হ’ব। ইয়াৰ মাজতে আমাৰ এটা শক্তিশালী দল আছে যিয়ে সম্পূৰ্ণ শক্তিৰে খেলিব।
ইটালীৰ দলটোত আছে মেটিঅ’ বেৰেটিনি, ছিমন বলেলি, ফ্লেভিঅ’ ক’বলি, লৰেঞ্জো মুছেট্টি, আৰু আন্দ্ৰেয়া ভাভাছ’ৰী।
ছিনাৰে এইবাৰ অষ্ট্ৰেলিয়ান অ’পেন আৰু উইম্বলডনত জয়লাভ কৰি চাৰিওটা গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰে। ডেভিছ কাপৰ এসপ্তাহ পূৰ্বে টুৰিনত অনুষ্ঠিত হ’বলগীয়া এ টি পি ফাইনেলত তেওঁ নিজৰ খিতাপ ৰক্ষা কৰিব। আলকাৰাজেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
স্পেইনৰ দলটোত আছে কাৰ্লোছ আলকাৰাজৰ লগতে হাইমা মুনাৰ, পেড্ৰ’ মাৰ্টিনেজ, মাৰ্চেল গ্ৰেনয়াৰ্ছ। ২০১৯ চনৰ পিছত স্পেইনক প্ৰথমবাৰৰ বাবে ডেভিছ কাপ খিতাপ দখল কৰাৰ লক্ষ্য ৰাখিব আলকাৰাজে।
ইফালে, বিশ্বৰ ৩ নং খেলুৱৈ আলেকজেণ্ডাৰ ঝভেৰেভেও প্ৰথমবাৰৰ বাবে ডেভিছ কাপৰ ফাইনেলত অংশগ্ৰহণ কৰিব। জাৰ্মানীৰ দলত নিৰ্বাচিত হৈছে তেওঁক।
ডেভিছ কাপৰ ফাইনেল ৮ ড্ৰ’ (বাচনি ক্ৰমৰ সৈতে)
কোৱাৰ্টাৰ ফাইনেল ১: ১ম – ইটালী বনাম অষ্ট্ৰিয়া
কোৱাৰ্টাৰ ফাইনেল ২: ৩য় – ফ্ৰান্স বনাম বেলজিয়াম
কোৱাৰ্টাৰ ফাইনেল ৩: ৪ৰ্থ – স্পেইন বনাম ৪ৰ্থ – চেক গণৰাজ্য
কোৱাৰ্টাৰ ফাইনেল ৪: ২য় – আৰ্জেণ্টিনা বনাম ২য় – জাৰ্মানী
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
