নগাঁও, ৩১ অক্টোবৰ (হি.স.): বিগত বছৰ সমূহৰ দৰে বৰঘুলী ব্ৰাদাৰ্ছ ক্লাবৰ সৌজন্যত এইবাৰো অনুষ্ঠিত কৰা হৈছে দিবা-নৈশ চলন্ত কাপ ও প্ৰাইজমানী ভলীবল খেল প্ৰতিযোগিতা । তেজপুৰ আৰু বৰঘূলী উন্নয়ন মঞ্চ দলৰ মাজত কালি সন্ধ্যায় অনুষ্ঠিত হয় উদ্বোধনী খেল খন । প্ৰতিযোগিতাৰ প্ৰথম দিনাৰ খেলত মুঠ ৬টা দলে অংশ গ্ৰহণ কৰে।
ইফালে আজি ৩১ অক্টোবৰত ছেমি ফাইনেল আৰু ফাইনেল খেল অনুষ্ঠিত হ’ব । প্ৰথম পুৰস্কাৰ হিচাপে থাকিব ট্ৰফীৰ সৈতে নগদ ১৫,০০১ টকা আৰু দ্বীতীয় পুৰস্কাৰ হিচাপে থাকিব ট্ৰফীৰ সৈতে নগদ ১০,০০১ টকা। বিভিন্ন প্ৰান্তৰ খেলপ্ৰেমী ৰাইজক আকৰ্ষনীয় ভলীবল খেল উপভোগ কৰিবলৈ উদ্যোগতা সকলে আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
