নতুন দিল্লী, ১৩ আগষ্ট (হি.স.)। হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হাংগেৰিয়ান এথলেটিকছ গ্ৰেণ্ড প্ৰিক্সত পুৰুষৰ ৩০০০ মিটাৰ দৌৰত মঙলবাৰে ভাৰতীয় মধ্য আৰু দীৰ্ঘ দূৰত্বৰ দৌৰবিদ গুলৱীৰ সিঙে নিজৰ ৰাষ্ট্ৰীয় অভিলেখ উন্নত কৰে।
গুলৱীৰে ৭ মিনিট ৩৪.৪৯ ছেকেণ্ডৰ সময়েৰে পঞ্চম স্থান দখল কৰে । কেনিয়াৰ মেথিউ কিপছাঙে ৭ মিনিট ৩৩.২৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰথম স্থান দখল কৰে।
এই ইভেণ্টত গুলৱীৰৰ পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ৭ মিনিট ৩৮.২৬ ছেকেণ্ড, যিটো তেওঁ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত বষ্টন ইউনিভাৰ্চিটি ডেভিড হেমেৰী ভেলেণ্টাইন ইনভিটেশ্যনেলত প্ৰদৰ্শন কৰিছিল।
২৭ বছৰীয়া গুলৱীৰে ৫০০০ মিটাৰ আৰু ১০ হাজাৰ মিটাৰ দৌৰতো ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত এই দুয়োটা ইভেণ্টতে স্বৰ্ণ পদক লাভ কৰে।
গুলৱীৰে ৫০০০ মিটাৰত ১৩ মিনিট ০১.০০ ছেকেণ্ডৰ প্ৰৱেশ মানদণ্ড উন্নত কৰি আগন্তুক বিশ্ব চেম্পিয়নশ্বিপ (টকিঅ’)ৰ বাবে যোগ্যতা অৰ্জন কৰে । ফেব্ৰুৱাৰী মাহত বষ্টন ইউনিভাৰ্চিটি ট্ৰেক এণ্ড টেনিছ চেণ্টাৰত তেওঁ ১২ মিনিট ৫৯.৭৭ ছেকেণ্ডৰ সময় লৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
