নতুন দিল্লী, ২৬ নৱেম্বৰ (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ৰ নিলামৰ পূৰ্বে খেলুৱৈৰ বিনিময় (ব্যৱসায়) অব্যাহত আছে। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত এজনকৈ খেলুৱৈৰ আদান-প্ৰদান কৰা হৈছে। অল ৰাউণ্ডাৰ শ্বাহবাজ আহমেদে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদলৈ স্থানান্তৰিত হোৱাৰ বিপৰীতে এছ আৰ এইচৰ মায়ংক ডাগাৰ এতিয়া আৰ চি বিলৈ স্থানান্তৰিত হৈছে।
দেওবাৰে আই পি এলৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি শ্বাহবাজ আহমেদক ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ পৰা ছানৰাইজাৰ্ছ হায়দৰাবাদলৈ ট্ৰেড কৰা হৈছে, আনহাতে ২০২৪ চনৰ আই পি এল ছিজনৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ট্ৰেডিং উইণ্ডোৰ সময়ত মায়ংক ডাগাৰক এছ আৰ এইচৰ পৰা আৰ চি বিলৈ ট্ৰেড কৰা হৈছে।
শ্বাহবাজে এই পৰ্যন্ত ৩৯ খন আই পি এল মেচ খেলিছে আৰু তেওঁৰ নামত ১৪ টা আই পি এল উইকেট আছে। ২০২০ চনৰ পৰা আৰ চি বিক প্ৰতিনিধিত্ব কৰাৰ পিছত এতিয়া তেওঁৰ বৰ্তমানৰ মাচুলৰ বিনিময়ত এছ আৰ এইচলৈ ট্ৰেড কৰা হৈছে। বৰ্তমানৰ মাচুলতে এছ আৰ এইচৰ পৰা আৰ চি বিত যোগদান কৰিছে মায়ংকে। এই সোঁহাতৰ অল-ৰাউণ্ডাৰগৰাকী পূৰ্বে কিংছ একাদশ পঞ্জাৱ (বৰ্তমান পঞ্জাব কিংছ)ৰ অংশ আছিল। ২০২৩ চনৰ আই পি এল ছিজনত তেওঁ মাত্ৰ ৩ খন খেল খেলিছিল আৰু ১ টা উইকেট দখল কৰিছিল।
হিন্দুস্থান সমাচাৰ/বীৰেন্দ্ৰ/মনোজ/অৰবিন্দ
