
গুৱাহাটী, ২০ জুন (হি.স.)। যোৰাবাটত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধভাৱে সৰবৰাহ কৰা বিলাতী সুৰা। বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় সুৰাখিনি।
মহানগৰীৰ পৰা মিজোৰামলৈ এখন ট্ৰাকেৰে সৰবৰাহ কৰা হৈছিল বিভিন্ন ব্ৰেণ্ডৰ ১৬০ কাৰ্ট’ন বিলাতী সুৰা। এএছ ০১ আৰচি ৭৯৫৭ নম্বৰৰ এখন ট্ৰাকেৰে এক্সাইড বেটেৰীৰ মাজত অতি কৌশলেৰে সৰবৰাহৰ চেষ্টা কৰা হৈছিল বিলাসী সুৰাখিনি। মেঘালয়ত প্ৰস্তুত কৰা এই বিলাতী সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় দহ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।
ঘটনাৰ লগত জড়িত হাইলাকান্দিৰ কবিৰ হুছেইন লস্কৰ আৰু কছাৰৰ মিলন হুছেইন লস্কৰ নামৰ দুজন লোকক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে । বশিষ্ঠ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে দলটোৱে লাভ কৰে এই সফলতা।
হিন্দুস্থান সমাচাৰ / Narayan Kar
