গোলাঘাট, ২৭ জুন (হি.স.)। মেৰাপানীত গোলাঘাট পুৰাবাংলাৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। মেৰাপানী ফৰেষ্ট ব্লকত চি আৰ পি এফৰ কেম্পৰ সমীপতে পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। ইতিমধ্য পৰিয়ালৰ লোকে চিনাক্ত কৰিছে মৃতদেহটো। কালি পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল যোগানন্দ ঠেঙ্গাল। ঘটনা অনুসৰি যোগানন্দ ঠেঙ্গাল মেৰাপানী চাউদাং পথাৰ ভিনিয়েকৰ ঘৰত আছিল।
কালি পুৱাই যোগানন্দই ভিনিয়েকৰ ঘৰৰ পৰা মেৰাপানীলৈ বুলি ওলাই আহিছিল। ভিনিয়েকে বিছাৰি মেৰাপানীৰ ফৰেষ্ট ব্লকত গাড়ীখন প্ৰত্যক্ষ কৰে। বহু বিচাৰ কোচাৰ কৰাৰ অন্ততঃ ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুচেইনৰ বাসগৃহৰ সমীপতে পৰি থকা অৱস্থাত উদ্ধাৰ হয় যোগানন্দৰ মৃতদেহ।জানিব পৰা মতে যুৱকজন ড্ৰাগছ আসক্ত আছিল। ইফালে স্থানীয় ৰাইজে উত্তেজিত হৈ ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুচেইনৰ বাসগৃহ ভাঙিবলৈও উদ্যত হয়। বৰ্তমান ঘটনাস্থলিত মেৰাপানী আৰক্ষী আৰু চি আৰ পি এফ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
