মাজুলী, ১১ ছেপ্টেম্বৰ (হি.স.): মাজুলীৰ নতুন বজাৰৰ পৰা ৰতনপুৰ মিৰি গাঁৱলৈকে প্ৰায় ১০ কিলোমিটাৰ পথ যোৱাকালি বুধবাৰে সন্ধিয়া হাতে হাতে জোৰ লৈ সমদল বাহিৰ কৰা হয়। ড্ৰাগছ , মাদক দব্য, ধুমপান আৰু বাল্য বিবাহৰ ওপৰত সজাগতা বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।
ৰাজ্যত যি ধৰণে যুৱ-উচ্চিংখল, ড্ৰাগছ, মাদক দ্ৰব্যই সমাজ খন কোঙা কৰি পেলাইছে তাৰ পৰা যুৱ সমাজক সজাগ কৰিবৰ বাবে মাজুলী জিলা ৰতনপুৰ মিৰি আঞ্চলিক টিএমপিকে, এমএমকে টিএমএমকে, গাঁও উন্নয়ন, যুৱক সংঘ আৰু নাৰী শক্তি সহযোগত ১০ কিলোমিটাৰ খোজ কাঢ়ি হাতে হাতে জোৰ লৈ সমদল বাহিৰ কৰে। এই কায্যসূচীত প্ৰায় দুই শতাধিক যুৱকে অংশ গ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
