
ধুবুৰী, ০৬ জুলাই (হি.স.)। ৰাজ্যত শেহতীয়াকৈ চৰকাৰী ভুমিত যুগ যুগ ধৰি বসবাস কৰা লোক সকলৰ বিৰুদ্ধে চলিছে উচ্ছেদ অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তাপ বিদ্যুৎ প্ৰকল্পৰ নামত চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ, চৰুৱাবাখৰা,চিৰাকুটা অঞ্চলত আৰম্ভ হ’ব উচ্ছেদ অভিযান।
জিলা প্ৰশাসনে ইতিমধ্যে মাইকযোগে ঘোষণা কৰি ৬ জুলাইৰ ভিতৰত চৰকাৰী দখলকৃত ভুমি খালি কৰিবলৈ বান্ধি দিছে ডেড’লাইন। ধুবুৰী জিলা প্ৰশাসনে মাইক যোগে ৬ জুলাই লৈ ডেড লাইন বান্ধি দিয়াৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা গাঁৱৰ পৰিয়ালৰ মাজত। উপায়ন্তৰ হৈ নিজৰ সপোনৰ ঘৰ খন নিজে নিজে ভাঙি বেলেগ ঠাইলৈ ঢাপলি মেলিছে এই সকল লোক। জিলা প্ৰশাসনে বয়জেৰ আলগাত ভুমি দেখুৱাই দিছে যদিও একাংশই উক্ত ঠাইত বসবাসৰ সুবিধাজনক নহয় বুলি উল্লেখ কৰে।
উচ্ছেদৰ বাবে ইতিমধ্যে বৃহৎ আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিছে জিলা প্ৰশাসনে। যিকোনো মূহুৰ্তত উক্ত ঠাই সমূহত চলিব উচ্ছেদ অভিযান। উল্লেখ্য যে- তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চল সমূহৰ ৩৫০০ হাজাৰ বিঘা ভূমি অধিগ্ৰহণ কৰি চৰকাৰে এপি.ডি.চি.এল’ক হস্তান্তৰ কৰিছে। ইতিমধ্যে এই অঞ্চলত দুবাৰকৈ ভূমি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এবাৰ এই ভূমি পৰ্যবেক্ষণ কৰিছে আদানী গ্ৰুপৰ পৰিচালক জিৎ আদানীয়ে।
আনপিনে মুখ্যমন্ত্ৰী ভুমি পৰিদৰ্শনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল এককালীন সাহায্য প্ৰদানৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী ইতিমধ্যে এককালীন সাহায্য হিচাপে পঞ্চাছ হাজাৰ টকাকৈ সাহাৰ্য আগবঢ়াইছে জিলা প্ৰশাসনে। প্ৰায় ১০ হাজাৰ লোক একেদিনাই হ’ব গৃহহীন।
হিন্দুস্থান সমাচাৰ / Narayan Kar
